নগাঁও,23 মাৰ্চ: বটদ্ৰৱাৰ বিজেপি প্ৰাৰ্থী তথা বিধায়িকা আঙুৰলতা ডেকাৰ হৈ মঙলবাৰে ধিঙত নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ কেইদিনমান পূৰ্বে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি ‘চাচা মামাৰ ভোট নালাগে’ বুলি দম্ভালি মৰাৰ পাচত এতিয়া এই বিশেষ সম্প্ৰদায়ৰ ভোট বিচাৰি মুখ্যমন্ত্ৰীয়ে আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ ।
নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱালে সংখ্যালঘু ৰাইজক মৰ্যাদা, সুৰক্ষা আৰু উন্নয়নৰ স্বাৰ্থত আঙুৰলতা ডেকাক ভোট দিবলৈ আহ্বান জনায় ৷ আল্লাৰ নামত ভোট ভিক্ষাত যেন নামি পৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷
ইফালে বটদ্ৰৱাত জন সমৰ্থন নথকাৰ লগতে পূৰ্বে বিধায়ক হৈ থকা সময়ত ৰাইজৰ আস্থা হেৰুওৱাৰ বাবেই প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা গৌতম বৰাই যোগদান কৰে বিজেপিত ৷ বিজেপিত যোগদান কৰিয়েই প্ৰাক্তন মন্ত্ৰী গৌতম বৰাই আঙুৰলতা ডেকাক জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায় ৷
আনহাতে, ধিঙৰ পূজাবাৰীত অনুষ্ঠিত নিৰ্বাচনী সভাত উপস্থিত থাকি গীত পৰিৱেশন কৰে কণ্ঠশিল্পী সীমান্ত শেখৰে ৷ সীমান্ত শেখৰৰ গীতৰ তালে তালে নৃত্য কৰি ৰাইজক আমোদ দিয়ে নিৰ্বাচনী প্ৰাৰ্থী আঙুৰলতা ডেকাই ৷ বিজেপিত যোগদান কৰি দলটোৰ হৈ প্ৰথম ভাষণ প্ৰদান কৰে গৌতম বৰাই ।
বটদ্ৰৱা সমষ্টিৰ ধিঙৰ গিৰিবালা উচ্চতৰ মাধ্যমিক খেলপথাৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ভাষণ প্ৰদান কৰে গৌতম বৰাই । উল্লেখ্য যে, গৌতম বৰাৰ বিজেপিত যোগদানে আঙুৰলতা ডেকাৰ বাবে জটিল কৰিব পাৰে বিজয়ৰ পথ ।
লগতে পঢ়ক : নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বলৱৎ কৰাৰ হুংকাৰ নাড্ডাৰ