ETV Bharat / state

দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাৰপিটক লৈ উত্তপ্ত নগাঁৱৰ পানীগাঁও

author img

By

Published : Jun 10, 2022, 10:12 AM IST

Updated : Jun 10, 2022, 12:26 PM IST

নগাঁৱৰ পলিটেকনিক আৰু আইটিআইৰ ছাত্ৰৰ মাজত তীব্ৰ সংঘাত (Fight between polytechnic and Nagaon ITI students)। ছাত্ৰক প্ৰহাৰ কৰাক লৈয়েই এই কাজিয়াৰ সূত্ৰপাত হয় । উত্তেজিত ছাত্ৰক লক্ষ্য কৰি আৰক্ষীৰ লাঠি চালনা ।

clash-between-students-of-two-educational-institute-in-nagaon
দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাৰপিটক লৈ উত্তপ্ত নগাঁৱৰ পানীগাঁও

নগাঁও,১০ জুন : নগাঁৱৰ পানীগাঁৱত বৃহস্পতিবাৰে নিশা দুখন শিক্ষানুষ্ঠানৰ ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনাৰ সংঘটিত হয় (Clash between students in Nagaon)। মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি মাজনিশালৈ তীব্ৰ উত্তেজনাই বিৰাজ কৰে পানীগাঁও চাৰিআলিত (Tension prevails in Nagaon over student fight)। পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

জানিব পৰা মতে নগাঁও চহৰৰ দুখন শিক্ষানুষ্ঠান ক্ৰমে পলিটেকনিক আৰু নগাঁও আইটিআইৰ ছাত্ৰৰ মাজত সন্ধিয়া সৃষ্টি হয় সংঘাতৰ (Fight between polytechnic and Nagaon ITI students)। বিকাশ বৰদলৈ নামৰ আইটিআইৰ এজন ছাত্ৰক প্ৰহাৰ কৰাক লৈয়েই এই কাজিয়াৰ সূত্ৰপাত হয় । আহত ছাত্ৰজনক ভৰ্তি কৰোৱা হয় নগাঁৱৰ এখন ব্যক্তিগত নাৰ্ছিংহোমত ।

উত্তপ্ত নগাঁৱৰ পানীগাঁও

ছাত্ৰগৰাকী আহত হোৱাৰ পিছতেই শিক্ষানুষ্ঠান দুখনৰ ছাত্ৰৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিট । নিশাই উত্তেজিত ছাত্ৰসকলে ইটাচালী নগৰ আৰক্ষী চকীত উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । দুই শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰৰ সংঘাতক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ইটাচালীত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হয় ।

পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লোৱাৰ আৰক্ষীয়ে লাঠি চালনা কৰিবলগীয়াও হয় । পৰৱৰ্তী সময়ত পিছত নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰা, উপ-আৰক্ষী অধীক্ষক তৃদীপ কুম্বাং উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :ধুবুৰীত অ'টো ৰিক্সা চালক আৰু মালিক সন্থাৰ উত্তাল প্ৰতিবাদ

Last Updated : Jun 10, 2022, 12:26 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.