চামগুৰি, 21 ফেব্ৰুৱাৰী: শিশুৰ হাতত ম'বাইল দিয়াৰ পৰিৱৰ্তে কিতাপ তুলি দি শিশুক শৈক্ষিক, মানসিক আৰু জ্ঞানৰ পোহৰ বিলোৱাৰ উদ্দেশ্যে 26 ফেব্ৰুৱাৰীৰ পৰা নগাঁৱৰ উদমাৰিত আৰম্ভ হ'ব উত্তৰ নগাঁও শিশু গ্ৰন্থমেলা ৷
তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাত বিভিন্ন প্ৰতিযোগিতা যেনে, চিত্ৰাংকন, বিহু নৃত্য, জিকিৰ জাৰি, শিশু নৃত্য, কুইজ, তৰ্ক আদি প্ৰতিযোগিতাৰ লগতে 27 ফেব্ৰুৱাৰীত এক সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হ'ব ৷
মূলতঃ অতি পাছ পৰা অঞ্চলত শিক্ষাৰ প্ৰতি এক জাগৰণ সৃষ্টি কৰাৰ লক্ষেৰে উদমাৰিৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চল ক্ৰমে মাহগুৰী, শিঙ্গাৰী, ফাকুলি, আলিটাঙণি, নাৰমাৰী, ভকতগাঁও আৰু হেৰাপাতি আদি অঞ্চলৰ শিক্ষিত যুৱক-যুৱতী, কেইবাখনো ব্যক্তিগত আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান, সচেতন মহল আৰু বিশিষ্ট ব্যক্তিসকলৰ প্ৰচেষ্টাত জুৰীয়াৰ উদমাৰী হাইস্কুল খেল পথাৰত এই গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে ৷
ছাত্ৰ-ছাত্ৰী আৰু গ্ৰন্থপ্ৰেমী ৰাইজৰ লগতে সকলোকে গ্ৰন্থমেলালৈ আহিবৰ বাবেও আয়োজক সমিতিয়ে আহ্বান জনাইছে ৷
লগতে পঢ়ক: দলবদ্ধ ধৰ্ষণৰ বলি ৰূপহীহাটৰ কিশোৰী