ETV Bharat / state

নগাঁৱৰ বেবেজীয়াত কিশোৰীৰ ওপৰত পাশৱিক নিৰ্যাতন মাহীমাকৰ

চাইল্ডলাইন আৰু আৰক্ষীৰ অভিযানত উদ্ধাৰ এগৰাকী ১২ বছৰীয়া কিশোৰী

কিশোৰীৰ ওপৰত পাশৱিক নিৰ্যাতন মাহীমাকৰ
author img

By

Published : Aug 6, 2019, 9:36 AM IST

বটদ্ৰৱা,6 আগষ্টঃ নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত চাইল্ডলাইন আৰু জাজৰি আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় এগৰাকী ১২ বছৰীয়া কিশোৰী । মাতৃ হাৰা ১২ বছৰীয়া কিশোৰী গৰাকীক পঢ়া-শুনা কৰোৱাৰ বিপৰীতে মাহী মাক পতু দেৱী আৰু দেউতাক গোলাপ চন্দ্ৰ নাথে লোকৰ ঘৰত কাম কৰিবলৈ শিশু শ্ৰমিক হিচাপে নিয়োজিত কৰি আহিছিল ৷ কিন্তু কিশোৰী গৰাকীয়ে লোকৰ ঘৰত কাম নকৰি ঘৰলৈ উভতি অহাত মাহী মাকে কিশোৰী গৰাকীক শাৰীৰিক অত্যাচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ জানিব পৰা মতে, মাহীমাকে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰাকৈ শিকলিৰে ভৰিত বান্ধি পাশৱিক নিৰ্যাতন চলায় । এই কিশোৰী গৰাকীৰ এনে দুৰৱস্থাৰ কথা জানিব পাৰি স্থানীয় সচেতন ৰাইজে খবৰ দিয়ে চাইল্ডলাইনক ।সেই খবৰৰ ভিত্তিতে চাইল্ডলাইনে সোমবাৰে জাজৰি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী গৰাকীক ।

কিশোৰীৰ ওপৰত পাশৱিক নিৰ্যাতন মাহীমাকৰ

ইফালে কিশোৰী গৰাকীক শ্ৰমিক হিচাপে নিয়োজিত কৰা আৰু শাৰীৰিক অত্যাচাৰ কৰি অহা পিতৃ-মাতৃৰ বিৰুদ্ধে নগাঁও জিলা শিশু কল্যাণ সমিতিয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিব বুলি ইতিমধ্যে জানিবলৈ দিছে । অৱশ্যে কিশোৰীগৰাকীৰ ওপৰত পিতৃ আৰু মাহীমাকে চলোৱা পাশৱিক নিৰ্যাতন চলোৱাৰ অভিযোগত জাজৰি আৰক্ষীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ৷

Intro:নগাঁৱৰ বেবেজীয়াৰ জামগুৰিত মাহী মাকে জীয়ৰীক চলালে পাশৱিক নিৰ্যাতন ।চাইল্ডলাইনে উদ্ধাৰ কৰিলে এগৰাকী ১২ বছৰীয়া কিশোৰী।
Body:নগাঁৱৰ বেবেজীয়াৰ জামুগুৰিত চাইল্ডলাইন আৰু জাজৰি আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ হয় এগৰাকী ১২ বছৰীয়া কিশোৰী । মাতৃ হাৰা ১২ বছৰীয়া কিশোৰী গৰাকীক পঢ়া-শুনা কৰোৱাৰ বিপৰীতে মাহী মাক পতু দেৱী আৰু দেউতাক গোলাপ চন্দ্ৰ নাথে লোকৰ ঘৰত কাম কৰিবলৈ শিশু শ্ৰমিক হিচাপে নিয়োজিত কৰি আহিছিল শিশু গৰাকীক ।কিন্ত কিশোৰী গৰাকী লোকৰ ঘৰত কাম নকৰি ঘৰলৈ উভতি অহাত কিশোৰী গৰাকীৰ মাহী মাকে তেওঁক শাৰীৰিক অত্যাচাৰ কৰাৰ লগতে ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰাকৈ শিকলিৰে ভৰিত বান্ধি পাশৱিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে । এই কিশোৰী গৰাকীৰ এনে দুৰৱস্থাৰ কথা জানিব পাৰি স্হানীয় সচেতন ৰাইজে চাইল্ডলাইনক দিয়ে খবৰ ।
।সেই খবৰৰ ভিত্তিতে চাইল্ডলাইনে সোমবাৰে জাজৰি আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰে কিশোৰী গৰাকীক । ইফালে কিশোৰী গৰাকীক শ্ৰমিক হিচাপে নিয়োজিত কৰা আৰু শাৰীৰিক অত্যাচাৰ কৰি অহা দানৱ ৰুপী পিতৃ মাতৃৰ বিৰুদ্ধে নগাঁও জিলা শিশু কল্যাণ সমিতিয়ে আৰক্ষীক এজাহাৰ দাখিল কৰিব বুলি জানিবলৈ দিছে । এই পাষণ্ড পিতৃ আৰু মাহীমাকক নিজৰ জীয়ৰীক পাশৱিক নিৰ্যাতন চলোৱাৰ অভিযোগত জাজৰি আৰক্ষীয়ে পৰবৰ্তী সময়ত কি ব্যবস্থা গ্ৰহণ কৰে সেয়া সময়তহে লক্ষণীয় হব ।______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.