ৰূপহীহাট, 2 মেঃ বুধবাৰে ৰূপহীহাটৰ এখন পথাৰত এগৰাকী 10 বছৰীয়া শিশুক শাৰীৰিক নিৰ্যাতন চলাইছিল শংকৰ মণ্ডল নামৰ যুৱকজনে ৷ এই জঘন্য কাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰিছিল ধৃত যুৱকজনে ৷
পিচত নাবালিকাগৰাকীৰ পৰিয়ালে ৰূপহী থানাত দাখিল কৰা এখন এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে বৃহস্পতিবাৰে হাতীপুখুৰীৰ পৰা গ্ৰেপ্তাৰ কৰে অভিযুক্ত শংকৰ মণ্ডলক ৷