ETV Bharat / state

চামগুৰিত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা

author img

By

Published : Dec 10, 2021, 1:48 PM IST

চাহ বাগিছা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক স্কুল পঠিয়াবলৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে চামগুৰিৰ আমলখি চাহ বাগিছাৰ বিভিন্ন অঞ্চলত "চল যাব স্কুল" শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰা(Chal Jabo School programme at Samaguri) ৷ চাহ বাগিছাৰ বিভিন্ন ঠাইত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত প্ৰায় অৰ্ধশতাধিক আটছাৰ নেতা-কৰ্মীয়ে বুধবাৰৰ পৰা আৰম্ভ কৰে এই সজাগতামূলক শোভাযাত্ৰা ৷

চামগুৰিত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা
চামগুৰিত "চল যাব স্কুল" শীৰ্ষক সজাগতামূলক শোভাযাত্ৰা

চামগুৰি, 10 ডিচেম্বৰ : চামগুৰিৰ আমলখি চাহ বাগিছাৰ অঞ্চলসমূহত "চল যাব স্কুল" শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰা (March of Awareness titled Chal Jabo School at Samaguri )। ক'ভিড সৃষ্ট পৰিস্থিতিৰ পিছত ৰাজ্যৰ বিদ্যালয় সমূহত পুনৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছে যদিও শিক্ষা গ্ৰহণৰ বাবে বিভিন্ন অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ যোৱাৰ পৰা এতিয়াও বিৰত থাকিবলগা হৈছে।

অসমৰ চাহ অধ্যুষিত অঞ্চলৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলৰ মাজত অধিক হাৰত দেখা দিয়া এই সমস্যা দূৰ কৰিবৰ বাবে চাহ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সমূহে বিভিন্ন অঞ্চলত আৰম্ভ কৰিছে সজাগতাৰ ব্যৱস্থা । বুধবাৰৰ পৰা উপশাখা সমিতিৰ উদ্যোগত নগাঁও জিলাৰ চামগুৰিৰ আমলখি চাহ বাগিছাৰ অঞ্চলসমূহত "চল যাব স্কুল"(chal jabo school) শীৰ্ষক এক সজাগতামূলক শোভাযাত্ৰাৰ এলানি কাৰ্যসূচী আৰম্ভ কৰে ।

এই শোভাযাত্ৰাৰ জৰিয়তে চাহ বাগিছা অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক স্কুল পঠিয়াবলৈ অভিভাৱক সকলক আহ্বান জনাই ছাত্ৰ সংগঠনটোৰ নেতৃত্বই । লগতে চাহ বাগিছা অঞ্চলত শিক্ষাৰ উপযুক্ত পৰিৱেশ (schooling environment in tea garden) গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰ তথা মালিক পক্ষই দেখুওৱা চৰম অনিহাৰ বিৰুদ্ধে আটছাৰ বিষয়ববীয়া সকলে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে ৷ লগতে বিজেপি চৰকাৰক চাহ শ্ৰমিকৰ পৰিয়ালৰ শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত বিশেষ আইন ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।

আমলখি চাহ বাগিছাৰ বিভিন্ন ঠাইত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সহযোগত প্ৰায় অৰ্ধশতাধিক আটছাৰ নেতা-কৰ্মীয়ে বুধবাৰৰ পৰা আৰম্ভ কৰে এই সজাগতামূলক শোভাযাত্ৰাৰ কাৰ্যসূচী ৷

লগতে পঢ়ক : Price Hike in Assam : মধ্যভোগীৰ বাবে মূল্যবৃদ্ধিৰ অভিযোগ কৃষকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.