নগাঁও, 2 ডিচেম্বৰ : মঙলবাৰে নগাঁৱৰ কৰৈয়নীত বাৰ্মিজ চুপাৰি ভৰ্তি এখন ট্ৰাক জব্দ কৰা হয় ৷ তেজপুৰৰ পৰা দিল্লীলৈ সৰবৰাহৰ সময়ত জব্দ কৰা হয় ট্ৰাকখন ৷ জব্দকৃত ট্ৰাকখনৰ নম্বৰ TN-25BV-1217 ৷
![burmese-superi-truck-seized-in-nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-02-2dec-betel-nut-seized-vis-bite-7203829_02122020152330_0212f_1606902810_351.jpg)
জব্দকৃত চুপাৰিখিনি বৈধ নে অবৈধ এই পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ ট্ৰাক চালক গৰাকীয়ে স্থানীয় ৰাইজক কিছু নথিপত্ৰ প্ৰদান কৰিছে যদিও সেয়া প্ৰকৃত হয় নে নহয় তাক লৈ সন্দেহ কৰিছে ৰাইজ ৷ জানিব পৰা মতে, দীর্ঘসময়ৰ অন্তত ট্ৰাকখন পুনৰ দিল্লী অভিমুখে ৰাওনা হয় । জব্দ কৰা ট্ৰাকখনক স্থানীয় লোকসকলে আৰক্ষীক কিয় গতাই নিদিলে তাক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ।
লগতে পঢ়ক : টছত জয়ী হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বেটিঙৰ সিদ্ধান্ত ভাৰতৰ