বঢ়মপুৰ,27জানুৱাৰী: সমগ্ৰ ৰাষ্ট্ৰজুৰি মঙলবাৰে 72 তম গণৰাজ্য দিৱস উদযাপন কৰাৰ সময়তে নগাঁও জিলাৰ কামপুৰত দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ কামপুৰ চাংচকী পথাৰত অগণন ৰাইজে ভিৰ কৰিলে ম’হ যুজঁ চাবলৈ ৷
জানিব পৰা মতে,বছৰ বছৰ ধৰি চাংচকী পথাৰত অনুষ্ঠিত কৰি অহা ম’হৰ গোৱালসকলে অনানুষ্ঠানিকভাৱে আয়োজন কৰা ম’হযুজ চাবলৈ ভিৰ কৰেহি হাজাৰ হাজাৰ লোকে । উল্লেখযোগ্য যে, এই প্ৰতিযোগিতাত ২৪ টাকৈ গুণা ম'হে যোগদান কৰে বুলি গোৱালসকলে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ কৃষক বিদ্ৰোহঃ গণৰাজ্য দিৱসত অংশগ্ৰহণ কৰা 300 শিল্পীক উদ্ধাৰ