ETV Bharat / state

নগাঁৱত শিল্পযোদ্ধা ব্ৰজনাথ শৰ্মাক সোঁৱৰণ

author img

By

Published : Sep 16, 2020, 6:34 AM IST

নগাঁৱত শিল্পযোদ্ধা ব্ৰজনাথ শৰ্মাক স্মৰণ । কেন্দ্ৰীয় নাট্য সপ্তাহ আৰু শিল্পী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানৰ সামৰণি । ৮ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা । অসম নাট্য সন্মিলনৰ বিশেষ অনুষ্ঠান ।

brajanath sarma memorial drama week
brajanath sarma memorial drama week

নগাঁও, 15 ছেপ্টেম্বৰ : নগাঁৱত মঙলবাৰে সফলতাৰে সামৰণি পৰে শিল্পযোদ্ধা তথা ভ্ৰাম্যমাণ নাটকৰ জনক ব্ৰজনাথ শৰ্মা সোঁৱৰণী কেন্দ্ৰীয় নাট্য সপ্তাহ আৰু শিল্পী সমাৰোহৰ আৰম্ভণি অনুষ্ঠানৰ দুদিনীয়া কাৰ্যসূচী । অসম নাট্য সন্মিলনৰ মধুপুৰ শাখাৰ উদ্যোগত নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত বীণাপাণি নাট্য মন্দিৰত অনুষ্ঠিত হোৱা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি মুকলি সভা, বক্তৃতানুষ্ঠান আৰু শিল্পী সম্বৰ্ধনা আৰু নৃত্য-গীতৰ অনুষ্ঠান অনুষ্ঠিত হয় ।

নগাঁৱত শিল্পযোদ্ধা ব্ৰজনাথ শৰ্মাক সোঁৱৰণ

সাংবাদিক জ্যোতিপ্ৰসাদ বৰাই আঁত ধৰা এই অনুষ্ঠানত অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় , কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অৰূপ বৰঠাকুৰ , সত্ৰাধিকাৰ জীৱেশ্বৰ দেৱগোস্বামী , অধ্যাপক মোহিনী মোহন ডেকা , বিশিষ্ট নাট্যকৰ্মী উপকূল বৰদলৈ আদিকে ধৰি বিভিন্নজন উপস্থিত থাকে । সম্পূৰ্ণ ক'ভিড প্ৰট'কল বৰ্তাই ৰাখি সম্পন্ন হোৱা এই অনুষ্ঠানতে ৮ গৰাকীকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । উল্লেখ্য যে , অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা সোঁৱৰণী কেন্দ্ৰীয় নাট্য সপ্তাহ আৰু শিল্পী সমাৰোহৰ সামৰণি অনুষ্ঠানটি আগন্তুক ১৯ ছেপ্তেম্বৰত টিহুৰ ৰাজহুৱা পুথিভঁৰালত অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : কোনে ধ্বংসৰ গৰাহলৈ থেলি নিছে যুৱ-প্ৰজন্মক ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.