ETV Bharat / state

আৰক্ষী থানাৰ সন্মুখতে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনি দিলে শতাধিক মহিলাই !

হত্যাকাৰীক ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগত কামপুৰ থানা ঘেৰাও কৰি অসম আৰক্ষী গ' বেক ধ্বনি সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ

author img

By

Published : May 29, 2019, 6:49 PM IST

আৰক্ষী থানাৰ সন্মুখতে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনি

বঢ়মপুৰ, ২৯ মে' :এইবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখতে গ'বেক ধ্বনি দিলে শতাধিক মহিলাই। বুধবাৰে হত্যাকাৰীক ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ কামপুৰ থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷

আৰক্ষী থানাৰ সন্মুখতে অসম আৰক্ষী মুৰ্দাবাদ ধ্বনি

যোৱা ১৫ মে'ত কামপুৰ থানাৰ অন্তৰ্গত কাকতিগাঁও বৰুৱাবালিত পথাৰৰ মাজত এগৰাকী উলংগ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এটা অস্থায়ী জুপুৰিৰ ভিতৰত উলংগ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহটো। মৃতদেহটো চিনাক্ত হোৱাৰ পাছত কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰিছিল। পৰিয়ালৰ অভিযোগ মতে,স্থানীয় জনৈক খলিলুদ্দিন নামৰ যুৱকজনে ফোনযোগে পিতৃহীনা কিশোৰীগৰাকীক ঘৰৰ পৰা মাতি আনিছিল আৰু তেতিয়াৰ পৰা কিশোৰগৰাকীৰ কোনো সন্ধান নাছিল। কিন্তু ১৫ মে'ত পথাৰৰ মাজৰ এটা জুপুৰিত উলংগ অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও চৈধ্য দিন উকলি যোৱাৰ পাছতো মূল অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰাত সমগ্ৰ অঞ্চলটোতে প্ৰতিবাদৰ জোৱাৰ উঠিছে। প্ৰতিবাদকাৰী সকলে আৰক্ষী গ'বেক,অসম আৰক্ষী মুৰ্দাবাদ,কামপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক বৰ্খাস্ত কৰক,হত্যাকাৰীক আটক কৰিব নোৱাৰা আৰক্ষী হায় হায় আদি শ্ল'গান দিয়ে ৷

Intro: হত্যাকাৰী ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগত কামপুৰ থানা ঘেৰাওসদৌ অসম প্ৰগতিশীল নাৰী সন্থা । আৰক্ষী থানাৰ সন্মুখতে অসম আৰক্ষীৰ বিৰুদ্ধে মূৰ্দ্দাবাদ ধ্বনি ৷

Anchor:- এইবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখতে গ'বেক ধ্বনি শতাধিক মহিলাৰ । অপৰাধীক গ্ৰেপ্তাৰ নকৰি ৰক্ষণা বেক্ষণ দিয়াৰ অভিযোগত ক্ষুন্ন সদৌ অসম প্ৰগতিশীল নাৰী সন্থা ।প্ৰতিবাদী মহিলা সকলে কামপুৰ নগৰৰ মাজেৰে এক সমদল বাহিৰ কৰি কামপুৰ থানা ঘেৰাও কৰি ধৰ্ষন-হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী জনায় ।

Body:Vo=এইবাৰ অসম আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী থানাৰ সন্মুখতে গ'বেক ধ্বনি দিলে শতাধিক মহিলাই । যোৱা ১৫ মে'ত কামপুৰ থানাৰ অন্তৰ্গত কাকতিগাঁও বৰুৱাবালিত পথাৰৰ মাজত এগৰাকী উলংগ কিশোৰীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছিল । এটা অস্থায়ী জুপুৰিৰ ভিতৰত উলংগ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰী গৰাকীৰ মৃতদেহটো । মৃতদেহটো স্থানীয় কুলচুমা খাতুন নামৰ কিশোৰী গৰাকীৰ বুলি চিনাক্ত কৰাৰ লগতে কিশোৰী গৰাকীক ধৰ্ষণ কৰি হত্যা কৰা বুলি সন্দেহ কৰিছিল । পৰিয়ালৰ অভিযোগ মতে, স্থানীয় জনৈক খলিলুদ্দিন নামৰ যুৱক জনে ফোনযোগে পিতৃহীনা কুলচুমাক ঘৰৰ পৰা মাতি আনিছিল আৰু তেতিয়াৰ পৰা কুলচুমাৰ কোনো সন্ধান নাছিল । কিন্তু ১৫ মে'ত পথাৰৰ মাজৰ জুপুৰিটোত উলংগ অৱস্থাত কিশোৰী গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও চৈধ্য দিন উকলি যোৱাৰ পাছতো মূল অপৰাধীক কাৰায়ত্ত কৰিব নোৱাৰাত সমগ্ৰ অঞ্চলটোতে প্ৰতিবাদৰ জোৱাৰ উঠিছে । বুধবাৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈ কামপুৰ থানা ঘেৰাও কৰি আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী সকলে আৰক্ষী গ'বেক, অসম আৰক্ষী মূৰ্দ্দাবাদ, কামপুৰ আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াক বখাস্ত কৰক, হত্যাকাৰীক আটক কৰিব নোৱাৰা আৰক্ষী হায় হায় আদি শ্ল'গানৰে থানাৰ আকাশ বতাহ কপাঁই তুলে ৷

Byte = সদৌ অসম প্ৰগতিশীল নাৰী সন্থা

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat AssamConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.