ETV Bharat / state

ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণ নগাঁও যুৱ ছাত্ৰ পৰিষদৰ - নগাঁৱৰ মহেন্দ্ৰ বৰুৱা বিদ্যালয়

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও নগৰ সমিতিৰ ব্যতিক্ৰমী পদক্ষেপ । সোমবাৰে নগাঁৱৰ দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কৰিলে বিনামূলীয়া কিতাপ-বহীকে ধৰি কলম, চাবোন ইত্যাদি । সম্পূৰ্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি এই কাৰ্যসূচী গ্ৰহণ কৰে যুৱ ছাত্ৰ পৰিষদে ৷

ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণ নগাঁও যুৱ ছাত্ৰ পৰিষদৰ

author img

By

Published : May 18, 2020, 1:37 PM IST

নগাঁও, 18 মে’: লক ডাউনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নগাঁৱৰ ছাত্ৰ-ছাত্ৰীসকলক সহায়ৰ হাত আগবঢ়ায় অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাওঁ নগৰ সমিতিয়ে ৷ সোমবাৰে নগাঁৱৰ মহেন্দ্ৰ বৰুৱা বিদ্যালয় আৰু নগাওঁ টাউন পানীগাঁও প্ৰাথমিক বিদ্যালয়ত ছাত্ৰী-ছাত্ৰীসকলৰ মাজত বিনামূলীয়া কিতাপ, বহী, কলম, চাবোন আদি বিতৰণ কৰে যুৱ ছাত্ৰ পৰিষদে ৷ সম্পূৰ্ণৰূপে সামাজিক ব্যৱধান বৰ্তাই ৰাখি শিক্ষা সামগ্ৰীসমূহ বিতৰণ কৰে সংগঠনটোৱে ।

ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া শিক্ষা সামগ্ৰী বিতৰণ নগাঁও যুৱ ছাত্ৰ পৰিষদৰ

এই কাৰ্য্যসূচীত উপস্থিত থাকে নগাওঁ নগৰ সমিতিৰ সভাপতি কাশ্যপ ফুকন, সাধাৰণ সম্পাদক নয়নজ্যোতি শইকীয়া, সাংগঠনিক সম্পাদক প্রবাল শৰ্মাসহ সদস্যসকল । এই পৰ্য্যন্ত সংগঠনটোৱে সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে বিনামূলীয়া কিতাপ-বহী।

লগতে পঢ়ক: খাৰুপেটীয়াত জাল নোটসহ গ্ৰেপ্তাৰ এজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.