ETV Bharat / state

কিতাপৰ সুগন্ধি বিলোৱাৰ প্ৰয়াস কলিয়াবৰ মহকুমা পুথিভঁৰালৰ

author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 5:41 PM IST

Kaliabor Sub Divisional Library: নৱবৰ্ষৰ পহিলা দিনটোত কলিয়াবৰ মহকুমা পুথিভঁৰালৰ এক ব্যতিক্ৰমী পদক্ষেপ । ৰ'দ কাঁচলিত বহি কিতাপ পঢ়াৰ আনন্দ ল'লে ছাত্ৰ-ছাত্ৰীসকলে ।

Kaliabor Sub Divisional Library
কলিয়াবৰ মহকুমা পুথিভঁড়াল
কলিয়াবৰ মহকুমা পুথিভঁড়াল

কলিয়াবৰ, ১ জানুৱাৰী: ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত উৎসৰ্গিত কলিয়াবৰ মহকুমা পুথিভঁৰালত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোত আয়োজন কৰা হয় এক ব্য়তিক্ৰমী অনুষ্ঠানৰ । "পুথিভঁৰাললৈ গৈ কিতাপ পঢ়ো আহক" শীৰ্ষক অনুষ্ঠানৰে নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে আয়োজন কৰা হয় এই অনুষ্ঠানৰ । এই অনুষ্ঠানত উপস্থিত থাকে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে গ্ৰন্থপ্ৰেমী ৰাইজ ।

হাতে-হাতে কিতাপ লৈ ৰ'দ কাঁচলিত বহি কিতাপ পঢ়াৰ আনন্দ ল'লে কণ কণ ছাত্ৰ-ছাত্ৰীসকলে । সমান্তৰালভাৱে ছাত্ৰ-ছাত্ৰীক উৎসাহ জনাবলৈ উপস্থিত হ'ল বয়োজ্যেষ্ঠ গ্ৰন্থপ্ৰেমীসকল । ছাত্ৰ-ছাত্ৰীয়ে কবিতা আবৃত্তি কৰাৰ লগতে কিতাপৰ বিষয়ে মনৰ ভাৱ প্ৰকাশ কৰি অনুষ্ঠানটো জীপাল কৰি তোলে । সমাজকৰ্মী মণিমাধৱ মহন্তই এই চিন্তাক আৰু গতিশীল কৰিবলৈ পুথিভঁড়াললৈ আগবঢ়াই কিতাপৰ টোপোলা ।

উল্লেখ্য যে ২০ বছৰৰ পূৰ্বে কেইগৰাকীমান উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত এটি পৰিত্যক্ত চৰকাৰী ভৱনত গঢ়ি উঠিছিল ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ নামত উৎসৰ্গিত এই পুথিভঁড়ালটো । কলিয়াবৰবাসী ৰাইজৰ সহযোগত ঠন ধৰি উঠা পুথিভঁড়ালটো ২০১৯ চনত কলিয়াবৰ মহকুমা পুথিভঁড়াল হিচাপে উন্নীত হৈ চৰকাৰী আওতালৈ আহে । এটা পৰিত্যক্ত ভৱনৰ পৰা আৰম্ভ হোৱা এই পুথিভঁড়ালে নতুন প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ পৰিৱেশ গঢ়ি তোলাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

ইপিনে, সময়ে সময়ে বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এই পুথিভঁড়ালটোলৈ আনি গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি তোলাৰ ক্ষেত্ৰতো এই পুথিভঁড়ালে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । নতুন বছৰৰ পহিলা দিনটোতো ব্যতিক্ৰমী কাৰ্যসূচীৰে নতুন প্ৰজন্মৰ লগতে অভিভাৱক সকললৈ কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনালে কলিয়াবৰ মহকুমা পুথিভঁড়ালৰ উদ্য়োক্তাসকলে ।

লগতে পঢ়ক:নতুন বছৰত আয়, কেৰিয়াৰ, প্ৰেম জীৱন, শিক্ষা, স্বাস্থ্য কেনেকুৱা হ’ব ? ১২ টা ৰাশিৰ সম্পূৰ্ণ ৰাশিফল ​​পঢ়ক...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.