ETV Bharat / state

নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিশাল ৰেলী

author img

By

Published : Mar 30, 2021, 10:23 PM IST

অন্তিম প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই কয়, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ৫টা বছৰত উন্নয়ন আৰু বিকাশে নতুন দিগন্তৰ সূচনা কৰিছে ।

নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিশাল ৰেলী
নগাঁৱত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ বিশাল ৰেলী

নগাঁও, 30 মাৰ্চ: নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোত নগাঁও সদৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই নগাঁও চহৰত এক বিশাল পদযাত্ৰা উলিয়ায় । নগাঁও চহৰৰ বীণাপানি নাট্য মন্দিৰৰ সমীপৰ পৰা এক বিশাল পদযাত্ৰা উলিয়াই নগাঁও সদৰ সমষ্টিত চমক সৃষ্টি কৰিবলৈ সক্ষম হয় । চহৰখনৰ বীনাপাণি নাট্য মন্দিৰৰ পৰা এই বিশাল পদযাত্ৰা আৰম্ভ কৰি হয়বৰগাঁও বজাৰ, তেলীয়াপট্টি চাৰি আলি, তেলীয়াপট্টি ৰে’ল গেট, ৰবিন্দ্ৰ পল্লি হৈ‌ লাচিত নগৰত সামৰণি পেলায় ।

ৰেলীৰ সময়ত বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক বিপুল সহাৰি জনোৱা পৰিলক্ষিত হয় । অন্তিম প্ৰচাৰ ৰেলীত অংশগ্ৰহণ কৰি সমষ্টিটোৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই কয়- মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত ৫টা বছৰত উন্নয়ন আৰু বিকাশে নতুন দিগন্তৰ সূচনা কৰিছে । জাতি- ধৰ্ম- বৰ্ণ নিৰ্বিশেষে সকলোৰে উন্নয়নৰ বাবে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে কাম কৰিছে । আমাৰ চৰকাৰৰ দিনত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুসকল যথেষ্ট উপকৃত হৈছে । যাৰ বাবে আজি সংখ্যালঘু লোক সকলে বিজেপিৰ ওপৰত আস্থা প্ৰকাশ কৰিছে । আমি সকলোকে লগত লৈ সকলোৰে বিকাশৰ বাবে কাম কৰিছো । এইবাৰ অসমত পুনৰ বিজেপিৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ হোৱাতো খাটাং হৈ পৰিছে।

লগতে পঢ়কঃ ঘৰে ঘৰে গৈ নিৰ্বাচনী প্ৰচাৰ অদীপ কুমাৰ ফুকনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.