ETV Bharat / state

MP Tasa AT Kaliabor : নিজ চৰকাৰৰ দুৰ্নীতি উদঙালে সাংসদ কামাখ্যা প্ৰসাদ তাছাই - BJP MP Tasa Disclosed govt Corruption in Handloom

ফল্গূৎসৱৰ বতৰত জিভা পিচল খালে সাংসদ তাছাৰ ৷ কলিয়াবৰত গামোচা সন্দৰ্ভত মতামত দিবলৈ গৈ সাংসদ কামাখ্যা প্ৰসাদ তাছাই উদঙালে নিজ দলৰ চৰকাৰৰেই দুৰ্নীতি ৷ সৌভাগ‍্য মাধৱ দেৱালয়ক ধৰ্মীয় পৰ্য‍টনস্থলী হিচাপে গঢ়ি তোলাৰ পোষকতা সাংসদগৰাকীৰ (BJP MP Disclosed State’s Handloom Corruption at Kaliabor) ৷

BJP MP Disclosed govt Corruption
কলিয়াবৰত সাংসদ কামাখ্যা প্ৰসাদ তাছা
author img

By

Published : Mar 8, 2023, 9:46 PM IST

কলিয়াবৰত সাংসদ কামাখ্যা প্ৰসাদ তাছা

নগাঁও, 8 মাৰ্চ : 'চৰকাৰে শিপিনী সকললৈ অনুদান হিচাবে আগবঢ়োৱা তাঁতশাল একেবাৰে বেয়া । দুৰ্নীতিগ্ৰস্ত মানুহবোৰে বেয়া তাঁতশালেই দিয়ে । মানুহে কিয় বা আশা কৰে ? ৰাইজে এই অনুদানৰ আশা কৰা উচিত নহয় - এই মন্তব্য কোনো বিৰোধী দলৰ নহয়, শাসকীয় দলৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ ৷ চৰকাৰে যোগান ধৰা তাঁতশাল বিতৰণত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱা কথা বুধবাৰে এক অনুষ্ঠানত মুকলিকৈ স্বীকাৰ কৰিলে সাংসদগৰাকীয়ে ৷ উদঙালে নিজ চৰকাৰৰে দুৰ্নীতিৰ কথা (BJP MP Disclosed State’s Handloom Corruption at Kaliabor) ৷

শেহতীয়াভাৱে ৰাজ্যৰ বিজেপি চৰকাৰখনে ৰাজ্যত নিষিদ্ধ কৰিছে পাৱাৰলুম তথা বহিঃৰাজ্যৰ গামোচা । থলুৱা শিপিনীসকলক থলুৱা বজাৰখন দিয়া তথা শিপিনীসকলক আৰ্থিকভাৱে সৱল কৰাৰ উদ্দেশ্যৰেই ৰাজ্য চৰকাৰখনে এনে ব্যৱস্থা গ্ৰহণ কৰে ৷ আজি ফল্গুৎসৱ উপলক্ষে নগাওঁ জিলাৰ কলিয়াবৰস্থিত সৌভাগ‍্য মাধৱ দেৱালয়লৈ এটি কাৰ্যালয়ৰ দ্বাৰ মুকলি অনুষ্ঠানত সাংসদগৰাকীয়ে অংশগ্ৰহণ কৰি এই বিতৰ্কিত মন্তব্য প্ৰকাশ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই (BJP MP Disclosed govt Corruption) ৷

BJP MP Disclosed govt Corruption
কলিয়াবৰত সাংসদ কামাখ্যা প্ৰসাদ তাছা

এই অনুষ্ঠানতে পাৱাৰলুমৰ গামোচাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপ সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত চৰকাৰী পদক্ষেপৰ শলাগ ল’বলৈ গৈ অকস্মাতে মুখেৰে চৰকাৰখনে যোগান ধৰা তাঁতশাল বিতৰণত অনিয়ম আৰু দুৰ্নীতি সংঘটিত হোৱাৰ কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই । ৰাজ‍্যসভাৰ সাংসদগৰাকীৰ চৰকাৰখনক দুৰ্নীতিগ্ৰস্ত বুলি উল্লেখ কৰাৰ লগতে একাংশ ৰাজনৈতিক নেতা, মুৰব্বী সকলেও পাৱাৰলুমৰ গামোচা গৰ্বৰে পিন্ধিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব‍্য কৰে সাংসদগৰাকীয়ে (BJP MP Tasa Disclosed govt Corruption in Handloom sector) ।

লগতে পঢ়ক : Massive soil erosion in Dibrugarh town: পেইনকিলাৰৰ পৰিৱৰ্তে স্থায়ী সমাধানৰ দাবী অজাপ সভাপতিৰ

আজি কলিয়াবৰৰ সৌভাগ‍্য মাধৱ দেৱালয়ৰ চৌহদতে এটি নতুন কাৰ্যালয়ৰ দ্বাৰ সাংসদ কামাখ‍্যা প্ৰসাদ তাছাই উন্মোচন কৰে । সৌভাগ‍্য মাধৱ দেৱালয়ক ধৰ্মীয় পৰ্য‍টনস্থলী হিচাপে গঢ়ি তোলাৰ পোষকতা কৰে সাংসদগৰাকীয়ে (MP Tasa AT Kaliabor ) ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.