ETV Bharat / state

Rajen Gohain: মুখ্যমন্ত্ৰীৰ অনুৰোধত নিজে অমিত শ্বাহৰ সাক্ষাৎ বিচাৰি দিল্লীলৈ ৰাওনা ৰাজেন গোহাঁই

মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ওভতি ধৰিলে মন্ত্ৰী ৰাজেন গোহাঁইয়ে ৷ দলৰ পৰা কোনে গতা খাব সময়ত দেখা যাব বুলিও শক্তিশেল এৰিলে বিজেপি জ্যেষ্ঠ নেতা গৰাকীয়ে ৷ সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীক সকলো ক’ব ৰাজেনে ৷

Aggressive in Rajen Gohain
ৰাজেন গোহাঁইৰ পৰৱৰ্তী টাৰ্গেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
author img

By

Published : Aug 20, 2023, 6:03 PM IST

Updated : Aug 20, 2023, 6:32 PM IST

ৰাজেন গোহাঁইৰ পৰৱৰ্তী টাৰ্গেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নগাঁও,20 আগষ্ট: মনৰ ভিতৰত উমি উমি জ্বলি থকা জুয়ে ভয়ংকৰ ৰূপ ল’ব নেকি ! যদি সেইয়া হয় তেতিয়া হ’লে লোকসভা নিৰ্বাচনৰ পূৰ্বে অসম বিজেপিত ব্যাপক পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা আছে ৷ ন বিজেপি আৰু পুৰণি বিজেপি কৰ্মীৰ মাজত চলি থকা সংঘাতে বাৰুকৈ অস্বস্তিত পেলাইছে ৰাজ্যিক বিজেপিৰ নেতৃত্বক ৷ ন বিজেপি আৰু পুৰণি বিজেপিৰ মাজত সংঘাত নিৰ্মূলৰ বাবে মুখ্যমন্ত্ৰীয়ে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিবলৈ বাধ্য হৈছে ৷

সেয়ে মুখ্যমন্ত্ৰীৰ অনুৰোধ মৰ্মে সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব নগাঁৱৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁইয়ে । কেবিনেট মৰ্যাদা সম্পন্ন খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধ্যক্ষ পদ ত্যাগ কাৰৰ পাচতে অসম বিজেপিত ধুমুহা বলিছিল ৷ সেয়ে জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইক দিল্লীলৈ তলব কৰিছে গৃহমন্ত্ৰীয়ে ৷ দেওবাৰে দিল্লীলৈ যাত্ৰা কৰাৰ পূৰ্বে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত বহুকেইটা বিস্ফোৰক মন্তব্য কৰিলে ৰাজেন গোহাঁইয়ে ৷

দিল্লীলৈ কিয় যাব ! কিয় মুখ্যমন্ত্ৰীয়ে 7 বাৰকৈ ফোন কৰিছিল সকলো বৰ্ণনা কৰিলে ৰাজেন গোহাঁইয়ে ৷ তেওঁ কয়, ’’মুখ্যমন্ত্ৰীয়ে মোক শনিবাৰে ৭বাৰ ফোন কৰিছিল । তেঁও মোক অমিত শ্বাহক ফোন কৰিবলৈ অনুৰোধ জনালে । মোৰ হাতত অমিত শ্বাহৰ নম্বৰ নাছিল যদিও মুখ্যমন্ত্ৰীয়ে মোক অমিত শ্বাহৰ নম্বৰ দিলে । মই অমিত শ্বাহক ফোন কৰিছিলো তেতিয়াই সোমবাৰে মোক অমিত শ্বাহক লগ কৰিবলৈ কৈছে । মই সোমবাৰে লগ কৰি সকলোখিনি শ্বাহ ডাঙৰীয়াৰ আগত ক'ম ।’’

গোহাঁইয়ে আৰু কয় যে, মই ন-পুৰণিৰ কথা কোৱা নাই । কিন্তু অসমত পুৰণিক আঁতৰাবলৈ বিচৰা প্ৰক্ৰিয়াৰ বিষয়ে ক'ম । মই দলটোক বহুত দিছো । মোৰ সম্পত্তি বিক্ৰী কৰি দল কৰিছিলো । মই কাৰো আশীৰ্বাদত মুখ্যমন্ত্ৰী হ'বলৈ যোৱা নাই । মই মন্ত্ৰীত্ব পাইছিলো নিজৰ দমত । মোদী ডাঙৰীয়াক মই প্ৰশ্ন কৰিছিলো মোৰ ভুল ক'ত ?’’

আনহাতে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কৰা মন্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাজেন গোহাঁইয়ে কয়, ’’ জয়ন্তমল্ল ওপৰত মোৰ আপত্তি আছে । তেওঁ মোক সংবাদ মাধ্যমতে অপমান কৰিছে তেনে নহয় । দলীয় কাৰ্যালয়ত বহু জ্যেষ্ঠজনক অপমান কৰিছে । দলৰ কাৰ্যালয়টো মোক ডিঙিত ধৰি গতিয়াই উলিয়াই দিবলৈ কৈছিলে । মোক কিয় দলত ৰাখিব লাগে বুলি কৈছিল তেওঁ ৷ কিন্তু তেওঁক গতিয়াই উলিয়াই দিব নে মোক দিব সময়ে ক’ব ৷’

লগতে পঢ়ক:Rajen Gohain resigns: ৰাজেন গোহাঁইক সন্ন্যাস লোৱাৰ পৰামৰ্শ জয়ন্ত মল্ল বৰুৱাৰ

Last Updated : Aug 20, 2023, 6:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.