ETV Bharat / state

ওপজা দিনটোতে এলাগী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা! - নগাঁও জিলাৰ ৰূপহীৰ বেলগুৰি

নগাঁওৰ ৰূপহীত ওপজা দিনটোতে এলাগী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা ৷ 8 ছেপ্তেম্বৰ সমগ্ৰ ৰাজ্যজুৰি সুধাকণ্ঠৰ 93সংখ্যক জন্মদিৱস পালন কৰাৰ বিপৰীতে নগাঁও জিলাৰ ৰূপহীৰ বেলগুৰিস্থিত ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চত নজ্বলিল এগছিও বন্তি ৷

ওপজা দিনটোতে এলাগী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা!
author img

By

Published : Sep 9, 2019, 10:54 AM IST

নগাঁও, 9 ছেপ্তেম্বৰঃ নগাঁওৰ ৰূপহীত ওপজা দিনটোতে এলাগী সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা ৷ 8 ছেপ্তেম্বৰ সমগ্ৰ ৰাজ্যজুৰি সুধাকণ্ঠৰ 93সংখ্যক জন্মদিৱস পালন কৰাৰ বিপৰীতে নগাঁও জিলাৰ ৰূপহীৰ বেলগুৰিস্থিত ড৹ ভূপেন হাজৰিকা মুকলি মঞ্চত নজ্বলিল এগছিও বন্তি ৷ জৰাজীৰ্ণ অৱস্থাত ৰূপহীৰ সুধাকণ্ঠৰ মুকলি মঞ্চ ৷ উল্লেখ্য যে ভাৰতৰত্ন ড৹ হাজৰিকাৰ সৃষ্টিৰাজি স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যৰ প্ৰতিটো উন্নয়ন খণ্ড এলেকাত সুধাকণ্ঠৰ নামেৰে একোখনকৈ মঞ্চ স্থাপন কৰিছিল। সমগ্ৰ ৰাজ্যৰ বিভিন্ন মুকলি মঞ্চত বিশ্ব বৰেণ্য শিল্পীজনক সোঁৱৰণ কৰিছে যদিও ৰূপহী বেলগুৰিস্থিত সুধাকণ্ঠ ড৹ ভুপেন হাজৰিকা মুকলি মঞ্চখন এই স্মৰণীয় দিনটোতো পৰিত্যক্ত হৈ পৰি থাকিল। এনে ঘটনাই বিশ্ববৰেণ্য শিল্পী গৰাকীৰ প্ৰতি এক প্ৰকাৰ অপমান কৰা হৈছে বুলি ৰূপহীহাটৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

Intro:উপজা দিনটো চাকি এগছি নজ্বলিল ৰূপহীৰ বেলতলি স্থিত সুধাকণ্ঠ ড° ভূপেন হাজৰিকা মুকলি মঞ্চত ৷Body: ৰাজ্যজুৰি ৮ চেপ্তেম্বৰ তাৰিখে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ উপজা দিনটি শ্ৰদ্ধা ভক্তিসহ পালন কৰিলেও নগাঁও জিলাৰ ৰূপহীত এলাগী হৈ থাকিল জনতাৰ হৃদয়ত স্থান লাভ কৰি থকা শিল্পীগৰাকীৰ সোৱৰণত স্থাপন কৰা ড° ভুপেন হাজৰিকা মুকলি মঞ্চটি । উল্লেখ্য যে ভাৰতৰত্ন ড০ হাজৰিকাৰ সৃষ্টিৰাজি প্ৰতিজন মানুহৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্যে তেওঁৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ বাবে চৰকাৰে ৰাজ্য প্ৰতিটো উন্নয়ন খণ্ড এলেকাত ড০ ভূপেন হাজৰিকা মুকলি মঞ্চ নামেৰে একোখনকৈ মঞ্চ স্থাপন কৰিছিল । সমগ্ৰ ৰাজ্যৰ বিভিন্ন মুকলি মঞ্চত মানৱদৰদী শিল্পীজনক সোৱৰণ কৰিছে যদিও ৰূপহী বেলগুৰি স্থিত সুধাকণ্ঠ ড° ভুপেন হাজৰিকা মুকলি মঞ্চতি এই স্মৰণীয় দিনটোতো পৰিত্যক্ত হৈ পৰি থাকিল । আনকি মহান শিল্পী গৰাকীৰ উপজা দিনটিত তেওঁৰ নামত বন্তি এগছি প্ৰজ্বলন নকৰিলে পৰিচালনা সমিটি বা প্ৰশাসনে । মঞ্চখন স্থাপন কৰাৰ সময়ত উন্নয়ন খণ্ডৰ প্ৰতিজন প্ৰতিনিধি, বিষয়া-কৰ্মচাৰী আদিয়ে মহা ধুমধামেৰে ফটো উঠি আনন্দ উল্লাহ কৰি সুধাকণ্ঠৰ সৃষ্টিৰাজিক জীয়াই ৰাখিবলৈ এই মঞ্চই যথেষ্ঠখিনি ভূমিকা পালন কৰিব বুলি ভাষণ প্ৰদান কৰিছিল যদিও সেই উদ্ধোধনী অনুষ্ঠানৰ পাছত আজিলৈকে কোনো ধৰণৰ কাৰ্যসূচী ৰূপায়িত হোৱা ৰাইজৰ চকুত পৰা নাই । জন্ম-মৃত্যূ আদি তিথিৰ দিনাখনো যদি এগছি বন্তি প্ৰজ্বলন কৰি শিল্পীজনৰ প্ৰতি সামান্য সন্মান প্ৰদৰ্শন কৰিব নোৱাৰে তেন্তে ব্যক্তিজনৰ নামত এইদৰে মুকলি মঞ্চ স্থাপন কৰি পৰিত্যক্ত অৱস্থাত পেলাই থোৱাটো শিল্পী গৰাকীৰ প্ৰতি এক প্ৰকাৰ অপমান কৰা হৈছে বুলি ৰূপহীহাটৰ সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰূপহীহাটৰ পৰা উত্তম কুমাৰ বৰা Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.