ETV Bharat / state

পহিলা মাঘৰ নিশা উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী

author img

By

Published : Jan 16, 2021, 10:04 AM IST

পহিলা মাঘৰ নিশা উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী । চাইকেল চলোৱা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত, মহিলাসকলৰ মাজত পিঠা-পনা প্ৰতিযোগিতা, দিবা-নৈশ ভলিবল প্ৰতিযোগিতা, বোৱাৰীৰ বিহু নৃত্য প্ৰতিযোগিতা, কণ-কণ লৰা ছোৱালীৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত সন্ধ্যাৰ পৰা অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ।

উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী
উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী

নগাঁও, ১৬ জানুৱাৰী: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে অসমবাসীয়ে উদযাপন কৰিলে ভোগৰ ভোগালী উৎসৱ । ৰাজ্যজুৰি উলহ-মালহেৰে পালন কৰা হৈছে ভোগালী বিহু । সমান্তৰালকৈ নগাঁৱতো পৰিলক্ষিত হয় ভোগালীৰ এক উৎসৱমুখৰ পৰিৱেশ । পহিলা মাঘৰ দিনা নিশা পৰ্যন্ত উদুলি মুদুলি হৈ পৰে কলঙৰ বাকৰি, নগাঁৱৰ নেহেৰুৱালী । বৃহস্পতিবাৰৰ পৰা নেহেৰুৱালীত আৰম্ভ হয় ভোগালী উৎসৱ । এই উৎসৱৰ দ্বিতীয় দিনাখনো অৰ্থাৎ শুক্ৰবাৰেও উৎসৱমুখৰ হৈ পৰে নেহেৰুৱালী ।

উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী
উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী

দ্বিতীয় দিনাৰ কাৰ্য্যসূচীত বিভিন্ন প্ৰতিযোগিতা যেনে- চাইকেল চলোৱা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা, ভূপেন্দ্ৰ সংগীত, মহিলাসকলৰ মাজত পিঠা-পনা প্ৰতিযোগিতা, দিবা-নৈশ ভলিবল প্ৰতিযোগিতা, বোৱাৰীৰ বিহু নৃত্য প্ৰতিযোগিতা, কণ-কণ লৰা ছোৱালীৰ সৌন্দৰ্য প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পিছত সন্ধ্যাৰ পৰা অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান ।

উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী
উদুলি মুদুলি নগাঁৱৰ নেহেৰুৱালী

সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ দূৰণিবটীয়া বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয় । লগতে সদৌ নগাঁও ভোগালী উৎসৱ উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত ভোগালী উৎসৱস্থলীৰ ভোগালী মেলাতো যথেষ্ট লোকে ভিৰ কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: কোন জিলাৰ ক'ত ক'ত সম্পন্ন হ'ব COVID-১৯ৰ টীকাকৰণ প্ৰক্ৰিয়া?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.