নগাঁও, 27 ছেপ্টেম্বৰ : কৃষি আইন বাতিলৰ দাবীত আহ্বান জনোৱা ভাৰত বন্ধৰ অৰ্ধ শতাধিক সমৰ্থকক আটক কৰিছে নগাঁও আৰক্ষীয়ে । ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, চিপিআই, চিপিআইএমকে ধৰি কেইবাটাও দল-সংগঠনে বন্ধৰ সমৰ্থনত গ্ৰহণ কৰিছিল প্ৰতিবাদী কাৰ্যসূচী । নগাঁও চহৰৰ মতিৰাম বৰা ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়তে আৰক্ষীয়ে আটক কৰে প্ৰতিবাদকাৰীসকলক ।
উল্লেখ্য যে, তিনিখনকৈ কৃষি আইনৰ বিৰোধিতাৰে কেইবাটাও বামপন্থী দল-সংগঠনে সোমবাৰে আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ নগাঁৱতো সৰ্বাত্মক ৰূপত পৰা পৰিলক্ষিত হয় । সোমবাৰে পুৱা নগাঁও সদৰ আৰক্ষীয়ে ১৪ জনকৈ বন্ধৰ সমৰ্থকক আটক কৰে ৷ ইয়াৰ পাছতেই পুনৰ বন্ধৰ সমৰ্থনত ১৪ জনকৈ সমৰ্থকক আৰক্ষীয়ে আটক কৰাৰ প্ৰতিবাদত আন একাংশ সমৰ্থকে প্ৰতিবাদী সমদল বাহিৰ কৰে ।
![bandh-supporters-arrested-at-nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/13186256_news.jpg)
নগাঁও সদৰ আৰক্ষী থানাৰ সমীপৰ পৰা প্ৰতিবাদকাৰীসকলে সমদল উলিয়াই চহৰখনৰ মতিৰাম বৰা সমন্বয় ক্ষেত্ৰত উপস্থিত হয় । ৰাজপথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে চহৰখনৰ ৰাজপথ উত্তাল কৰি তোলে ।
কিন্তু প্ৰতিবাদস্থলীৰ পৰাই আৰক্ষীয়ে সমৰ্থককো আটক কৰে ৷ আৰক্ষীয়ে আটক কৰা প্ৰতিবাদকাৰীসকলক নগাঁও সদৰ আৰক্ষী থানালৈ লৈ যায় । প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিওখন কৃষি আইনক কৃষক বিৰোধী বুলি আখ্যা দিয়ে ।
লগতে পঢ়ক : ভাৰত বন্ধ : নলবাৰীত প্ৰতিবাদকাৰীক আটক