ETV Bharat / state

ধিঙৰ মৈৰাবাৰীত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

author img

By

Published : Dec 8, 2020, 4:19 PM IST

মঙলবাৰে ভাৰতীয় কৃষক ইউনিয়নে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ধিঙৰ বিভিন্ন স্থানত । পুৱাৰে পৰা যানবাহন চলাচল ব্যাহত ।

ধিঙৰ মৈৰাবাৰীত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক
ধিঙৰ মৈৰাবাৰীত ভাৰত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক

ধিং, ৮ ডিচেম্বৰ: কৃষি আইন বাতিলৰ দাবীত আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰভাৱ দোশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো পৰিলক্ষিত হয় । ভাৰতীয় কৃষক ইউনিয়নে আজি পুৱা ১১ বজাৰ পৰা ৩ বজালৈ আহ্বান জনোৱা এই বন্ধৰ প্ৰতি বিভিন্ন দল-সংগঠনে সমৰ্থন আগবঢ়াইছে । নগাঁৱৰ ধিঙত আজি বন্ধৰ সৰ্বাত্মক প্ৰভাৱ দেখা পোৱা যায় । বন্ধৰ সময়ছোৱাত মৈৰাবাৰীত দোকান-পোহাৰ বন্ধ থকাৰ লগতে যানবাহন চলাচল ব্যাহত হৈ পৰে ।

ধিং সমষ্টিৰ মৈৰাবাৰী ব্লক কংগ্ৰেছৰ সভাপতি শ্বৰিফ উদ্দিন আহমেদে বন্ধৰ প্ৰতি পূৰ্ণ সমৰ্থন জনায় আৰু আজিৰ এই বন্ধৰ প্ৰতি সমৰ্থন জনোৱা ৰাইজক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখ্য যে, কৃষি আইনৰ বিৰোধিতাৰে দিল্লীত প্ৰতিবাদ অব্যাহত ৰাখিছে কৃষক সমাজে । কেন্দ্ৰীয় চৰকাৰৰে কেইবাবাৰো আলোচনাত মিলিত হোৱাৰ পিছত কৃষক বিদ্ৰোহ অব্যাহত আছে । কৃষকৰ স্বাৰ্থবিৰোধী কৃষি আইন বাতিলৰ দাবী জনাইছে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে । শেহতীয়াকৈ কৃষক বিদ্ৰোহৰ প্ৰতি বিভিন্ন দল-সংগঠনে সমৰ্থন আগবঢ়াইছে ।

লগতে পঢ়ক:ৰাইজৰ দলৰ কমলপুৰ সমষ্টিৰ আহ্বায়ক সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.