ETV Bharat / state

বটদ্ৰৱাত দিন-দুপৰতে হাতত অস্ত্ৰলৈ মহিলাক আক্ৰমণৰ চেষ্টা

নগাঁৱত সংঘটিত হৈছে এক বিক্ষিপ্ত ঘটনা ৷ এজন লোকে হাতত এখন তৰোৱাল লৈ এগৰাকী মহিলাক আক্ৰমণ কৰিবলৈ খেদি গৈছে ৷ কিন্তু কিয় জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

batadrova-attempt-to-murder-case
বটদ্ৰৱাত দিন-দুপৰতে হাতত অস্ত্ৰলৈ মহিলাক আক্ৰমণৰ চেষ্টা
author img

By

Published : Aug 26, 2021, 9:20 PM IST

চামগুৰি, 26 আগষ্ট: নগাঁৱত হৈছে কি ! এফালে আনন্দ মিশ্ৰ বাহিনীৰ এনকাউণ্টাৰ আনফালে একাংশ দুস্কৃতিকাৰীৰ আৰক্ষীক চেলেঞ্জ । উল্লেখযোগ্য যে, বিগত কিছু দিনৰ পৰা নগাঁৱত বৃদ্ধি পোৱা অপৰাধজনিত ঘটনাৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক গৰাকীয়ে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে ৷ এক প্ৰকাৰৰ অপৰাধীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে ৷

প্ৰতিদিনে অভিযান চলাই বিভিন্ন ঘটনাৰ লগত জড়িত দুৰ্ধষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ কিন্তু আৰক্ষীয়ে যিমানে অভিযান চলাইছে অপৰাধীৰ বিৰুদ্ধে সিমানেই অপৰাধীয়েও যেন আৰক্ষীক চেলেঞ্জহে দিছে ৷

বটদ্ৰৱাত দিন-দুপৰতে হাতত অস্ত্ৰলৈ মহিলাক আক্ৰমণৰ চেষ্টা

ইয়াৰ মাজতে এক বিক্ষিপ্ত ঘটনা সংঘটিত হৈছে বটদ্ৰৱা থানাৰ অন্তৰ্গত ৰামপুৰ সত্ৰ গাঁৱত ৷ ঘটনা অনুসৰি এজন লোকে হাতত এখন তৰোৱাল লৈ এগৰাকী মহিলাক আক্ৰমণ কৰিবলৈ খেদি গৈছে ৷ জানিব পৰা মতে, ৰামপুৰ সত্ৰ গাঁৱৰ জহেৰা খাতুন নামৰ মহিলাগৰাকীৰ ম’বাইলটো ঘৰৰ পৰাই চুৰি কৰিছিল চাবিকুন নেহাৰ নামৰ চোৰটোৱে ৷ তাৰ পাচতে মহিলা গৰাকীয়ে চোৰটোক ম’বাইলটোক ঘুৰাই দিবলৈ কৈছিল ৷ কিন্তু ম’বাইলটো ঘুৰাই দিবলৈ কোৱাটোৱে কাল হ’ল মহিলা গৰাকীৰ ৷

লগতে পঢ়ক: মুখাশিল্পক জীয়াই ৰাখিবলৈ এদল কিশোৰৰ ব্যতিক্ৰমী প্ৰচেষ্টা ...

উল্লেখযোগ্য যে, মোজাম্মিল ওৰফে বুছো নামৰ লোকজনে ম’বাইল চোৰটোৰ পক্ষ লৈ ম’বাইলৰ গৰাকীৰ পৰিয়ালটোক আক্ৰমণ কৰিবলৈ উদ্বত হয় ৷ ঘটনাটো সংঘটিত হোৱাৰ পাচতে ভুক্তভোগী পৰিয়ালটোৱে ইতিমধ্যে বটদ্ৰৱা আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মোজাম্মিল আৰু চাবিকুন নেহাৰ বিৰুদ্ধে ৷ কিন্তু সম্প্ৰতিও মুক্ত ভাৱে ঘুৰি ফুৰিছে হাতত অস্ত্ৰলৈ আক্ৰমণ কৰিবলৈ উদ্বত হোৱা মোজাম্মিল আৰু ম’বাইচোৰ চাবিকুন নেহাৰে ৷

মন কৰিবলগীয়া যে, বিগত দুদিন পূৰ্বে ধিঙৰ চৰাঞ্চলত সাধাৰণ মৰাপাটক লৈ বাক বিতণ্ডতাৰ হোৱাৰ বাবে এগৰাকী ব্যক্তিক গুলিয়াই হত্যা কৰা হাছিল ৷ উক্ত ঘটনাটোৰ চাঞ্চল্য মাৰ নৌ যাওতেই একেটা অঞ্চলত এগৰাকী মহিলাক হত্যাৰ ভাবুকি দিয়া ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ সম্প্ৰতি স্থানীয় সচেতন লোকে অপৰাধীক কৰায়ত্ব কৰি কঠোৰ শাস্তি বিহিবলৈ দাবী জনাইছে আৰক্ষীক ৷

লগতে পঢ়ক: ৰাজ্যৰ ১০ শতাংশ লোকেহে লাভ কৰিছে ক'ভিডৰ দুয়োপালি ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.