বটদ্ৰৱা,15 ডিচেম্বৰঃ বটদ্ৰৱাত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদ । প্ৰতিবাদত অংশগ্ৰহণ কৰে স্থানীয় ৰাইজ তথা বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামীয়ে । ইয়াৰ লগতে বটদ্ৰৱা থান পৰিচালনা সমিতি আৰু সচেতন নাগৰিকসকলে প্ৰতিবাদত অংশ লয় ৷ প্ৰতিবাদী জনতাই বিজেপি চৰকাৰক তীব্র সমালোচনা কৰে ৷ তদুপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, হিমন্ত বিশ্ব শর্মাক তীব্ৰ গৰিহণা দিয়ে বটদ্ৰৱাবাসী ৰাইজে ৷
ইপিনে বটদ্ৰৱাত আৰম্ভ হৈছে অগপ দলৰ খহনীয়া । দেওবাৰে সমূহীয়াভাৱে পদত্যাগ কৰে সমষ্টিটোৰ বটদ্ৰৱা আৰু ভোমোৰাগুৰি আঞ্চলিক সমিতিৰ কাৰ্যকৰ্তাসকলে ৷ নাগৰিকত্ব সংশোধনী আইন দেশত বলবৎ হোৱাৰ পিছত আঞ্চলিক দলটোৰ স্থিতি থৰকবৰক হোৱা পৰিলক্ষিত হৈছে ৷
লগতে চাওকঃক্ষুব্ধ ৰাইজৰ ৰোষত পৰিল মন্ত্ৰী ৰঞ্জিৎ দত্ত : কনভয়সহ পলায়ন ঘটনাস্থলীৰ পৰা