বটদ্ৰৱা, 16 জুলাই : আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে সমষ্টিবাসী ৰাইজক । গুৰুজনাৰ জন্মস্থানলৈ যোৱা ৰাইডঙ্গীয়া পথটো পঞ্চায়ত নিৰ্বাচনৰ আগে আগে মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে বিধায়িকা আঙুৰলতা ডেকাই ৷ আজিলৈকে এই পথটি মেৰামতিৰ নামত পথটিত এটাও শিলগুটিও নপৰিল । যাৰ ফলত বৃহত্তৰ বটদ্ৰৱা সমষ্টিৰ নিজহাতীচোং অঞ্চলৰ ৰাইজে বাৰিষা আৰম্ভ হোৱাৰে পৰা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৷ গুৰুজনাৰ জন্মভূমিক নামনি অসমৰ সৈতে চমু বাটেৰে সংযোগ কৰা ৰহা আৰু বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত এই পথটি নতুনকৈ আধুনিক মানদণ্ডৰে পুনৰ নিৰ্মাণৰ কৰিবলৈ স্থানীয় ৰাইজে বিধায়কদ্বয় ডিম্বেশ্বৰ দাস আৰু আংগুৰলতা ডেকাৰ ওচৰত সজোৰে দাবী জনাইছে ৷
আধাৰশিলা স্থাপনতে দায়িত্ব সামৰিলে বিধায়িকা আঙুৰলতা ডেকাই - বটদ্ৰৱাৰ ডিমৌ-ৰাইডঙ্গীয়া পথৰ দুৰৱস্থা
বটদ্ৰৱাৰ ডিমৌ-ৰাইডঙ্গীয়া পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক । কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ লগতে বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতাৰ
বটদ্ৰৱা, 16 জুলাই : আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ পথৰ দুৰাৱস্থাই জ্বলা-কলা খুৱাইছে সমষ্টিবাসী ৰাইজক । গুৰুজনাৰ জন্মস্থানলৈ যোৱা ৰাইডঙ্গীয়া পথটো পঞ্চায়ত নিৰ্বাচনৰ আগে আগে মেৰামতি কামৰ আধাৰশিলা স্থাপন কৰিয়ে দায়িত্ব সামৰিলে বিধায়িকা আঙুৰলতা ডেকাই ৷ আজিলৈকে এই পথটি মেৰামতিৰ নামত পথটিত এটাও শিলগুটিও নপৰিল । যাৰ ফলত বৃহত্তৰ বটদ্ৰৱা সমষ্টিৰ নিজহাতীচোং অঞ্চলৰ ৰাইজে বাৰিষা আৰম্ভ হোৱাৰে পৰা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিছে ৷ গুৰুজনাৰ জন্মভূমিক নামনি অসমৰ সৈতে চমু বাটেৰে সংযোগ কৰা ৰহা আৰু বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত এই পথটি নতুনকৈ আধুনিক মানদণ্ডৰে পুনৰ নিৰ্মাণৰ কৰিবলৈ স্থানীয় ৰাইজে বিধায়কদ্বয় ডিম্বেশ্বৰ দাস আৰু আংগুৰলতা ডেকাৰ ওচৰত সজোৰে দাবী জনাইছে ৷
Body:আধাৰশিলা স্থাপন কৰি চমক সৃষ্টি কৰা বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ সমষ্টিৰ পথৰ দুৰৱস্থাই জলাকলা খুৱাইছে সমষ্টিবাসী ৰাইজক । গুৰুজনাৰ জন্মস্থানলৈ যোৱা এই গুৰুত্বপূৰ্ণ পথটি পঞ্চায়ত নিৰ্বাচনৰ আগে আগে মেৰামতি কামৰ অাধাৰশিলা কৰিয়ে দায়িত্ব সামৰিলে বিধায়িকা অাঙুৰলতা ডেকাই। অাজি কুপতি এই পথটি মেৰামতিৰ নামত এটাও শিলগুটিও নপৰিল।যাৰ ফলত বৃহত্তৰ বটদ্ৰৱা সমষ্টিৰ নিজহাতীচোং অঞ্চলৰ ৰাইজে বাৰিষা আৰম্ভ হোৱাৰে পৰা যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোক কৰিবলগীয়া হৈছে ৷ পূৱৰ কংগ্ৰেছ চৰকাৰৰ সময়তকৈ বটদ্ৰৱা সমষ্টিটোত উন্নয়নৰ ক্ষেত্ৰত ভালেখিনি কাম কৰি আঙুৰলতা ডেকাই অৰ্জন কৰা সুনামত সম্প্ৰতি এই পথটোৰ দুৰৱস্থাই কালিমা সানিছে ৷ অসমীয়া কলা-কৃষ্টি-সাহিত্য-সংস্কৃতিৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ইতিহাস বিজড়িত শ্ৰী শ্ৰী বটদ্ৰৱা থানলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত অতীতৰে পৰা গুৱাহাটীৰ দিশৰ পৰা অহা বা নামনি অসমৰ ৰাইজে সততে "বটদ্ৰৱা বাইপাছ " ৰূপে ব্যৱহাৰ কৰি আহিছে ৰহা পাৰ হৈ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ ডিমৌ চাৰি আলিৰ পৰা নগাঁও- বটদ্ৰৱা গড় কাপ্তানী পথক সংযোগ কৰা ডিমৌ ৰাইডঙীয়া পথটি এইয়া মাত্ৰ এটা উদাহৰণ হে এনে বহুকেইটা পথৰে যমৰ যাতনা ভোক কৰি সমষ্টি বাসীয়ে কৰিবলগীয়া হৈছে যাতায়ত । ইফালে পথটোৰ ডিমৌ চাৰিআলিৰ পৰা শেতালীলৈকে অংশটি ৰহা সমষ্টিৰ ভিতৰত পৰে ৷ আনহাতে পথটিৰ বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বৰদুবীয়া প্ৰাথমিক বিদ্যালয়ৰ সন্মুখৰ পৰা জামুগুৰি চাৰিআলিলৈকে অংশছোৱাৰ পকীবোৰ বখলা-বখলে এৰি গৈ বহু ঠাইত দ দ গাঁত সৃষ্টি হৈ পথটি অৱস্থা একেবাৰে শোচনীয় কৰি তুলিছে যাৰ ফলত প্ৰায়ে সৰু সুৰা দুৰ্ঘটনা হৈ আহিছে ৷ দৰঙ্গীয়াল গাৱৰ পথটোৰ অৱস্থা ইমানেই শোচনীয় বেয়া যে পথ নে গাঁত ধৰিবই নোৱাৰি ৷ এই ঠাই খিনিত ইতিমধ্যে দুৰ্ঘটনাত পতিত কেইবাজনো লোক আহত হৈছে ৷ কিন্তু ৰহা আৰু বটদ্ৰৱাৰ বিধায়কদ্বয় এই ক্ষেত্ৰত আওকনীয়া মনোভাৱ গ্ৰহন কৰা বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ গুৰুজনাৰ জন্মভূমীক নামনি অসমৰ সৈতে চমু বাটেৰে সংযোগ কৰা এই পথটি নতুনকৈ আধুনিক মানদণ্ডৰে পুনৰ নিৰ্মানৰ কৰিবলৈ
স্থানীয় ৰাইজে বিধায়কদ্বয় ডিম্বেশ্বৰ দাস আৰু আংগুৰলতা ডেকাৰ ওচৰত সজোৰে দাবী জনাইছে । ৷_______________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion: