নগাঁও, 15 এপ্ৰিল: ল’কডাউনৰ মাজতে ৰঙালী বিহুৰ দ্বিতীয় দিনাও ঢোল,পেঁপা,গগনাৰ মাতেৰে মুখৰিত হ'ল বড়িবজাৰ আৰক্ষী চকী। জৰুৰীকালীন সেৱাৰ সৈতে জড়িত বটদ্ৰৱাৰ সমীপৱৰ্তী বড়িবজাৰ আৰক্ষী চকীৰ আৰক্ষীসকলে ঢোলৰ ছেৱে ছেৱে কঁকাল ঘূৰাই নাচিলে ৷
ইয়াৰোপৰি অঞ্চলটোৰ সচেতন নাগৰিক মফিজউদ্দিন আহমেদ আৰু প্ৰভা ডেকাই আৰক্ষীসকলক উৎসাহ-উদ্দীপনা যোগোৱাৰ উদ্দেশ্যে একোখনকৈ গামোচা পিন্ধাই আৰক্ষীসকলৰ সৈতে বিহুনাচত অংশ ল’লে ৷ সচেতন লোকদুজনৰ এই কৰ্মক অঞ্চলটোৰ ৰাইজে শলাগ লয় ।
লগতে পঢ়ক : মানকাচাৰত আর্তজনৰ কাষত আৰক্ষী বিষয়া