ETV Bharat / state

বটদ্ৰৱাত আৰক্ষীৰ ছত্ৰ ছায়াত মুকলি জুৱা ! - নগাঁও তথা বটদ্ৰৱা আৰক্ষী

বটদ্ৰৱা আৰক্ষীৰ জ্ঞাতসাৰে অব্যাহত জুৱাৰ ফলত ধ্বংসৰ গৰাহত পৰিছে একাংশ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র ৷ সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে নগাঁও তথা বটদ্ৰৱা আৰক্ষী । বিজেপিৰ এজন পালিনেতা আৰু প্ৰাক্তন সেনা জোৱানে আৰক্ষীৰে বুজাবুজি কৰি দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলাই আহিছে মুকলি জুৱাৰ আড্ডা । কিন্তু ৰহস্যজনকভাৱে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷

বটদ্ৰৱা আৰক্ষী
জুৱা
author img

By

Published : Feb 6, 2020, 11:40 AM IST

বটদ্ৰৱা,6 ফেব্ৰুৱাৰীঃ আৰক্ষীৰ ছত্ৰছায়াত বটদ্ৰৱাত মুকলিকৈ চলিছে জুৱাৰ বেহা, এই অভিযোগ স্থানীয় ৰাইজৰ ৷ বটদ্ৰৱাৰ অন্তৰ্গত ভেৰভেৰীত দিনে-নিশাই চলিছে এই জুৱা । আৰক্ষীৰ জ্ঞাতসাৰে চলি থকা এই জুৱাৰ ফলত ধ্বংসৰ গৰাহত পৰিছে একাংশ বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র ৷ সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে নগাঁও তথা বটদ্ৰৱা আৰক্ষী । বিজেপিৰ এজন পালিনেতা আৰু প্ৰাক্তন সেনা জোৱানে আৰক্ষীৰে বুজাবুজি কৰি দীৰ্ঘদিনৰ পৰা অঞ্চলটোত চলাই আহিছে মুকলি জুৱাৰ আড্ডা ।

আৰক্ষীৰ ছত্ৰছায়াত চলিছে মুকলি জুৱা

বৰ্তমান নগাঁও জিলাৰ পশ্চিমাঞ্চলত সুলভ এই জুৱাৰ আড্ডা । জুৱাৰ ফলত ইতিমধ্যে অঞ্চলটোৰ বহু লোকৰ ঘৰ থান-বান হৈ পৰিছে । কিন্তু ৰহস্যজনকভাৱে এই সন্দৰ্ভত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই স্থানীয় বিধায়িকা আঙুৰলতা ডেকাই ৷ ইফালে শংকৰ অধিৱেশন আৰু ইস্তেমা আৰম্ভ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই জুৱা অধিক প্ৰচলিত হোৱাৰ আশংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ পৰৱৰ্তী সময়ত বিধায়িকা তথা প্ৰশাসনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰিব নে বিজেপিৰ পালিনেতা বাবে অপৰাধী সাৰি যাব সেয়া হ’ব লক্ষণীয় ৷

লগতে চাওকঃপলাশবাৰীত ভয়ানক অগ্নিকাণ্ডঃ কথমপি প্ৰাণৰক্ষা তিনিজনৰ

Intro:বটদ্ৰৱা আৰক্ষীৰ চত্ৰচায়াত অবিৰত ভাবে চলিছে মুকলি জুৱা । ধ্বংসৰ গৰাহত নৱ প্ৰজন্ম ।Body:বটদ্ৰৱাৰ ভেৰভেৰীত দিনে নিশাই চলিছে মুকলি জুৱা । বটদ্ৰৱা আৰক্ষীৰ জ্ঞাত সাৰে চলিছে লাখ লাখ টাকাৰ জুৱা খেল । অবিৰত মুকলি জুৱাৰ ফলত ধ্বংসৰ গৰাহত স্কুল কলেজৰ ছাত্র । সকলো দেখিও চকু মুদা কুলিৰ ভাও জুৰি আছে নগাঁও আৰক্ষীয়ে । বিজেপিৰ এজন পালিনেতা আৰু এজন প্ৰাক্তন সেনা জোৱানে আৰক্ষীৰে বুজাবুজি কৰি চলাইছে এই মুকলি জুৱাৰ আড্ডা। এই দৃশ্যলৈ মন কৰক কেনেকৈ চলিছে জুৱা খেল । জুৱা খেলত কেনেকৈ পেলাইছে বান্দিলে বান্দিলে টকা । এইয়া মাত্ৰ এটা উদাহৰণ হে । এতিয়া নগাঁও জিলাৰ পশ্চিমাঞ্চলত যেনিয়ে যাব তেনিয়ে এতিয়া দেখিবলৈ পাব এনে জুৱাৰ আড্ডা । এনে মুকলি জুৱাৰ বাবেই বহুতৰ ঘৰ ভাঙি থান বান হৈ পৰিছে । কোনোৱেই যদি বিক্ৰী কৰিছে মাটি, কোনোৱাই আকৌ বিক্ৰী কৰিছে আ-অলংকাৰ । মুঠৰ ওপৰত সমাজ এতিয়া ধ্বংসৰ গৰাহত গতি কৰিছে । নগাঁও জিলা প্ৰশাসন আৰু বিধায়িকা আঙুৰলতা ডেকাই এনে মুকলি জুৱা খেল বন্ধ কৰিবলৈ সাহস গোটাব পাৰিবনে? সমাগত মেট্রিক আৰু উচ্চতৰ মাধ্যমিকৰ পৰিক্ষা । তদুপৰি এফালে শংকৰ সংঘৰ অধিবেশন আনফালে ইছলাম ধৰ্মাৱলম্বী লোকৰ পবিত্ৰ এছতেমা আৰম্ভ হৈছে । এনে সময়ত বটদ্ৰৱা আৰক্ষীৰ নিলজ্ব কাণ্ডই হিন্দু মুছলমান উভয় সম্প্রদায়ৰ লোক ক্ষোভিত হৈ পৰিছে ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.