বটদ্ৰৱা,১৬ মে' : বটদ্ৰৱাত পাৰিবাৰিক সংঘাতৰ কৰুণ পৰিণতি। বটদ্ৰৱাৰ ছলাপথাৰত ইছলাম ধৰ্মালম্বীৰ পবিত্ৰ ৰমজান মাহত স্বামীয়ে পত্নীক পেট্ৰল ঢালি জ্বলাই হত্যাকৰাৰ ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ।
পৰিয়ালবৰ্গই জনোৱা মতে, দীৰ্ঘদিন ধৰি স্বামী ইক্ৰামুল হুছেইনৰ সৈতে পত্নী ফাৰহানা খাতুনৰ চলি আহিছিল ঘৰুৱা কন্দল ৷ বুধবাৰে নিশা তেনে এক বিষয়ক লৈয়ে দুয়োৰে মাজত সৃষ্টি হৈছিল বাকবিতণ্ডাৰ । পৰৱৰ্তী সময়ত হঠাতে উগ্ৰমুৰ্তি ধাৰণ কৰা ইক্ৰামুলে পেট্ৰ'ল ঢালি জ্বলাই হত্যা কৰাৰ অভিযোগ পৰিয়ালবৰ্গৰ ৷ বটদ্ৰৱা আৰক্ষীয়ে পত্নী হত্যাৰ অভিযোগত স্বামী ইক্ৰামুলক আটক কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহটো নগাঁৱলৈ প্ৰেৰণ কৰি অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ ইফালে দোষীক শাস্তিৰ দাবীত ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷ অনাগত দিনত আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এই হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য ৷