বটদ্ৰৱা 15 এপ্ৰিল :নিজ সমষ্টিৰ ৰাইজৰ মাজত বিতৰণ কৰিলে মাস্ক ৷ ক‘ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ কি দৰে থাকিৱ লাগে পৰিস্কাৰ পৰিচ্ছন্ন হৈ তাৰ বিষয়ে ৰাইজক সজাগ কৰে ৷ লগতে জেষ্ঠজনৰ পৰা সেৱা জনাই আশীৰ্বাদ লয় ৷
বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিশেষ পদক্ষেপ। বিহু উপলক্ষে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ সমন্বিতে জৰুৰীকালীন সেৱাত নিয়োজিত আৰক্ষী সংবাদকৰ্মী সকলক বিহুৱান স্বৰূপে মাস্ক প্ৰদান কৰে ৷ সমগ্র ৰাজ্যত চলি আছে লক ডাউনৰ মাজতেই অসমীয়াৰ বাপতি সাহোন বহাগ বিহু।
এই ৰঙালী বিহুত বিগত বৰ্ষৰ দৰে আনন্দ উল্লাস নাই যদিও অক্ষুণ্ণ আছে বিহুৰ পৰম্পৰা । বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাই বিহু উপলক্ষে বুধবাৰে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা আগবঢ়াই ল'লে আৰ্শীষ। থানৰ সত্ৰাধিকাৰ সমন্বিতে ভকত বৈষ্ণৱক বিহুৱান স্বৰুপে মাস্ক প্ৰদান কৰে বিধায়িকা গৰাকীয়ে । ইয়াৰ পাছতে বটদ্ৰৱা আৰু ধিঙৰ আৰক্ষী বিষয়া আৰু জোৱানসকলক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মাস্ক বিতৰণ কৰে। বিধায়িকা গৰাকীৰ এই পদক্ষেপক বিভিন্নজনে ভূয়সী প্ৰশংসা কৰিছে। লগতে পঢক : বৰদৈচিলাই কোবাই গ'ল ধুবুৰীৰ বিস্তীৰ্ণ অঞ্চল