ETV Bharat / state

বটদ্ৰৱাত ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান - উচ্ছেদ অভিযান

ইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি পৰিবেশনৰ পাচতেই বটদ্ৰৱাত চৰকাৰী ভূমিত ভূ-মাফিয়াই খন্দা বৃহৎ বৃহৎ পুখুৰীত প্ৰশাসনে চলালে উচ্ছেদ অভিযান । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংঘঠনৰ ইটিভি ভাৰতক ধন্যবাদ ৷

বটদ্ৰৱাত ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান
author img

By

Published : Apr 25, 2019, 5:57 PM IST

বটদ্ৰৱা,25এপ্ৰিল: ইটিভি ভাৰতৰ বাতৰি পাচতেই গা লৰিল নগাঁও জিলা প্ৰশাসনৰ । নগাঁৱৰ বটদ্ৰৱাৰ ৰাইদঙীয়াৰ খলিহামাৰিস্থিত চৰকাৰী ভূমিত বিগত কিছু দিন ধৰি ভূ-মাফিয়াই চলাই আহিছিল ৰাজত্ব । ইপিনে নিৰ্মানকাৰ্য চলাই থকা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষত থকা চৰকাৰী ভূমিত অবৈধ ভাবে দুষ্ট চক্ৰটোৱে জে চি বিৰে খনন কাৰ্য্য চলাই খান্দিছিল কেইবাটও বৃহৎ বৃহৎ পুখুৰী । বেদখলকাৰীয়ে দিনে-নিশাই চৰকাৰী ভূমিত এই দৰে খনন কাৰ্য্য চলাই থকাৰ বাতৰি যোৱা ২১ এপ্ৰিলত ইটিভি ভাৰতত প্ৰকাশ পোৱাৰ পাচত গা লৰিল নগাঁও জিলা প্ৰশাসনৰ ৷ বৃহস্পতিবাৰে নগাঁও সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াৰ নেতৃত্বত অহা চি আৰ পি এফ, আৰক্ষী আৰু প্ৰশাসনৰ বৃহৎ দল এটা ঘটনাস্হলীত উপস্থিত হৈ জে চি বিৰে আৰম্ভ কৰে উচ্ছেদ অভিযান । উচ্ছেদ অভিযানত স্থানীয় ৰাইজৰ লগতে সহযোগ কৰে অনুসূচিত জাতি সংগ্ৰামী যুৱ পৰিষদে ।

বটদ্ৰৱাত ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰশাসনৰ উচ্ছেদ অভিযান

আনহাতে প্ৰশাসনৰ কোনো অনুমতি অবিহনে চৰকাৰী ভূমিত অবৈধভাৱে খনন কাৰ্য চলাই থকাৰ ওপৰত পৰৱৰ্তী সময়ত জিলা প্ৰশাসনে কি ব্যৱস্থা ল'ব সেইয়া হে হ'ব লক্ষণীয় ৷

আৰু পঢ়ক- ১৪ এপ্ৰিলত তালাপৰ ডকাইটি কাণ্ডৰ লগত জড়িত ৭ জনক আটক

Intro:ETV BHARAT ৰ বাতৰিৰ প্ৰভাৱ ৷ বাতৰি পৰিবেশনৰ পিছতেই বটদ্ৰৱাত চৰকাৰী ভূমিত ভূমাফিয়াই খন্দা বৃহৎ বৃহৎ পুখুৰীত প্রশাসনে চলালে উচ্ছেদ অভিযান । বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংঘঠনে ETV BHARAT ক জনালে ধন্যবাদ ৷Body:ETV BHARAT ৰ বাতৰি পিছতেই গা লৰিল নগাঁও জিলা প্ৰশাসনৰ । নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইদঙীয়াৰ খলিহামাৰিস্হিত চৰকাৰী ভূমিত বিগত কিছু দিন ধৰি এটা ভূমাফিয়াই চলাই আহিছিল ৰাজত্ব ।গুৰুজনাৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰত জিলিকাই তুলাৰ মহান উদ্দেশেৰে নিৰ্মানকাৰ্য চলাই থকা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ নিচেই কাষত থকা চৰকাৰী ভূমিত অবৈধ ভাবে ভুমিলুভী দুষ্ট চক্ৰ এটাই জে চি বিৰে খনন কাৰ্য্য চলাই খান্দিছিল কেইবাটও বৃহৎ বৃহৎ পুখুৰী । বেদখলকাৰীয়ে দিনে-নিশাই চৰকাৰী ভূমিত এই দৰে খনন কাৰ্য্য চলাই থকাৰ বাতৰি কেবল মাত্ৰ ETV BHARATত যোৱা ২১ এপ্ৰিলত প্ৰকাশ পোৱাৰ পিছত গা লৰিল নগাওঁ জিলা প্ৰশাসনৰ ৷ বৃহস্পতিবাৰে নগাঁও সদৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ চক্ৰ বিষয়াৰ নেতৃত্বত অহা চি আৰ পি এফ,আৰক্ষী আৰু প্ৰশাসনৰ বৃহৎ দল এটা ঘটনাস্হলীত উপস্হিত হৈ জে চি বিৰে আৰম্ভ কৰে উচ্ছেদ অভিযান । উচ্ছেদ অভিযানত স্থানীয় ৰাইজৰ লগতে সহযোগ কৰে অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদে । কেবল ETV BHARAT ৰ বাতৰিৰ প্ৰভাবৰ বাবেই চৰকাৰী ভূমি বেদখল কৰাৰীৰ বিৰুদ্ধে চলিল উচ্ছেদ অভিযান ৷ তাৰ বাবে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে বিভিন্ন দল সংঘঠনে ETV BHARAT ক জনালে ধন্যবাদ ৷ উল্লেখ্য যে এটা দুষ্ট চক্রই কোনোধৰণৰ অনুমতি অবিহনেই অত্যাধুনিক যন্ত্ৰ ব্যৱহাৰ কৰি চৰকাৰী ভূমিত দিনে ৰাতিয়ে মুকলিকৈ চলোৱা খনন কাৰ্য্যত অভিযন্তা এজনৰ নিৰ্দেশক্ৰমেই চলোৱা বুলি অভিযোগ উঠিছিল ।এতিয়া প্ৰশ্ন হয় চৰকাৰী ভূমিত অবৈধ ভাবে ৰাজত্ব কৰা এই অভিযন্তাৰ বিৰুদ্ধে প্ৰশাসনে কিবা ব্যৱস্থা গ্রহণ কৰিবনে? নে জিলা প্ৰশাসনে এই ভূমি উচ্ছেদ কৰিয়েই নিজৰ দায়িত্ব সামৰিব । কেবল ৰাইডঙীয়াৰ খলিহামাৰীতেই নহয় বটদ্ৰৱাৰ আৰু বহু চৰকাৰী ভূমি ভূমাফিয়াই বেদখল কৰি চলাইগৈছে ৰাজত্ব ৷ এনে ভূমাফিয়াৰ বিৰুদ্ধে চৰকাৰে কি ব্যৱস্থা গ্ৰহন কৰে সেয়া হব লক্ষনীয় ৷_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.