বটদ্ৰৱা, 18 জুনঃ পোন প্ৰথমবাৰৰ বাবে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আৰম্ভ হ'ল খাদ্য সুৰক্ষা কৰ্মশালা। খাদ্য সুৰক্ষা অসমৰ দ্বাৰা আয়োজিত ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু মানক প্ৰাধিকৰণৰ উদ্যোগত আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সহযোগত আয়োজন কৰা হয় এই কৰ্মশালা।
কৰ্মশালাৰ মূল বিষয় বস্তু আছিল 'ভোগ' আৰু 'স্কুলত সুৰক্ষিত আৰু পুষ্টিকৰ খাদ্য''। মন্দিৰ নামঘৰৰ ভোগ আৰু বিদ্যালয়ত সুৰক্ষিত পুষ্টিকৰ খাদ্য গ্ৰহণৰ ওপৰত বিতংভাৱে এই কৰ্মশালাত আলোচনা কৰা হয়। এই কৰ্মশালাত কেন্দ্ৰীয় চৰকাৰৰ দুগৰাকী বিশেষজ্ঞ আৰু অসম চৰকাৰৰ কেইবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে। এই কৰ্মশালাত বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে যথেষ্ট সহযোগিতা আগবঢ়ায় ৷