বটদ্ৰৱা,8 ছেপ্তেম্বৰ: বটদ্ৰৱাত এজন শিক্ষকে সংঘটিত কৰিলে এক লজ্জানত কাণ্ড৷ ফেচবুকত প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ভিডিঅ ভাইৰেল কৰি ৰাইজৰ ৰোষত পৰিল সোনবা আহমেদ নামৰ এজন শিক্ষক৷ সোনবা আহমেদৰে প্ৰেমৰ সম্পৰ্ক আছিল একে গাঁৱৰে এগৰাকী যুৱতীৰ ৷ পৰৱৰ্তী সময়ত প্ৰেমৰ অচিলা লৈ যুৱতী গৰাকীৰ সৈতে কটোৱা অন্তৰংগ মুহূৰ্তৰ নিজৰ মবাইলৰ কেমেৰাত আবদ্ধ কৰি ৰাখিছিল অভিযুক্ত সোনবা আহমেদ ৷ পাছত সেই যুৱতী গৰাকীৰ সৈতে সম্পৰ্কৰ বিচ্ছেদ ঘটাই অন্য যুৱতীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল সোনবা আহমেদে৷ সমান্তৰালকৈ যুৱতী গৰাকীও অন্য এজন যুৱকৰ লগত বিবাহ পাশত আবদ্ধ হৈ কৰিছিল সুখৰ সংসাৰ ।
কিন্তু শেহতীয়াকৈ অভিযুক্ত আহমেদে পুৰণি প্ৰেমিকাৰ লগত কটোৱা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' ভাইৰেল কৰে ছচিয়েল মেডিয়াত যাৰ ফলত ক্ষোভিত গাঁৱৰ ৰাইজৰ ৰোষত পৰিল শিক্ষক সোনবা আহমেদ ৷ আহমেদক ধৰি-বান্ধি উত্তম-মাধ্যম দিয়ে স্থানীয় মহিলাই ৷ পাছত আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ এগৰাকী বিবাহিত মহিলাক প্ৰাক্তন প্ৰেমিকে এইদৰে সন্মানহানি কৰা কাৰ্যক একেমুখে গৰিহণা দিছে স্থানীয় ৰাইজে লগতে দাবী কৰিছে দোষীৰ বাবে উচিত শাস্তিৰ ৷ অভিযুক্ত সোনবা আহমেদে বিদ্যালয়ৰ ছাত্ৰী আৰু টিউচন কৰাৰ চলেৰে বিভিন্ন যুৱতীৰ লগত কুকৰ্ম কৰি অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷