বটদ্ৰৱা, 13 এপ্ৰিল: বটদ্ৰৱা সমষ্টিৰ এখন চৰকাৰী পশু চিকিৎসালয়ে উদঙাইছে ৰাজ্যৰ পশু চিকিৎসা সেৱাৰ নগ্ন ছবিখন৷ বটদ্ৰৱা সমষ্টিৰ আইভেটী পশু চিকিৎসা আৰু কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰটো বৰ্তমান চিকিৎসালয়ৰ সলনি পৰিণত হৈছে মদ আৰু জুৱাৰ আড্ডালৈ।
27 খন গাঁৱৰ ৰাইজৰ পশু চিকিৎসালয়খন জনপ্ৰতিনিধি, বিভাগীয় কৰ্তৃপক্ষৰ চূড়ান্ত গাফিলতি তথা অকৰ্মণ্যতাৰ বাবেই হাবি জংঘলেৰে আগুৰি সম্প্ৰতি ভূত বাংলালৈ পৰিণত হৈছে৷ স্থানীয় দল সংগঠনে মুখ্য়মন্ত্ৰীৰ লগতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা, পশুপালন আৰু পশু চিকিৎসা বিভাগ তথা কৃষি বিভাগৰ মন্ত্ৰীলৈ কেইবাবাৰো স্মাৰক পত্ৰ প্ৰেৰণ কৰি চিকিৎসালয়খন পুনৰ মুকলি কৰিবলৈ অনুৰোধ জনাইছিল । কিন্তু বৰ্তমানলৈ কোনো পদক্ষেপ গ্ৰহণ নকৰিলে মুখ্যমন্ত্ৰীৰ তথা বিধায়িকাগৰাকীৰ লগতে কৃষি মন্ত্ৰীয়ে ।