ETV Bharat / state

বটদ্ৰৱাত পঞ্চায়ত সভানেত্ৰীৰ লুণ্ঠনৰাজ!

author img

By

Published : Aug 25, 2019, 5:34 PM IST

চৰকাৰৰ অভিলাসী আঁচনিক খিৰতি গাইলৈ পৰিণত কৰিছে বটদ্ৰৱাৰ এগৰাকী পঞ্চায়ত সভানেত্ৰীয়ে ৷ ভুৱা আঁচনিৰ নামত দুখীয়া ৰাইজ পৰা অবৈধভাৱে সংগ্ৰহ কৰি আহিছে লাখ লাখ টকা ৷ এই অভিযোগ বটদ্ৰৱাৰ একাংশ ৰাইজৰ ৷

বটদ্ৰৱাত পঞ্চায়ত সভানেত্ৰীৰ লুণ্ঠনৰাজ

নগাঁও,25 আগষ্টঃ বিধায়িকা আঙুৰলতাৰ ঘনিষ্ঠ হোৱা বাবেই পঞ্চায়ত পতিনিধিয়ে কেৰেপ নকৰে সাধাৰণ লোকক ।এই অভিযোগ বটদ্ৰৱাৰ একাংশ ৰাইজৰ ৷ এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তত । পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা আৰু তেওঁৰ স্বামী লোকনাথ বৰাই চৰকাৰৰ অভিলাসী আঁচনিৰ নামত ধন সংগ্ৰহৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ এক প্ৰতিবেদন.....

বটদ্ৰৱাত পঞ্চায়ত সভানেত্ৰীৰ লুণ্ঠনৰাজ

নগাঁও,25 আগষ্টঃ বিধায়িকা আঙুৰলতাৰ ঘনিষ্ঠ হোৱা বাবেই পঞ্চায়ত পতিনিধিয়ে কেৰেপ নকৰে সাধাৰণ লোকক ।এই অভিযোগ বটদ্ৰৱাৰ একাংশ ৰাইজৰ ৷ এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তত । পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা আৰু তেওঁৰ স্বামী লোকনাথ বৰাই চৰকাৰৰ অভিলাসী আঁচনিৰ নামত ধন সংগ্ৰহৰ গুৰুত্বৰ অভিযোগ ভুক্তভোগী ৰাইজৰ ৷ এক প্ৰতিবেদন.....

বটদ্ৰৱাত পঞ্চায়ত সভানেত্ৰীৰ লুণ্ঠনৰাজ
Intro:বটদ্ৰৱাত বিজেপি দলৰ পঞ্চায়ত সভানেত্রীয়ে দুগ্ধ উন্নয়নৰ ভূৱা আচনিৰ নামত লাখ লাখ টকা সংগ্ৰহ । অভিযোগ দিয়াৰ পিছতো ৰহস্যজনক নিৰব ভূমিকা বিধায়িকা আঙুৰলতা ডেকা ৷Body:শাসনাধিষ্ঠ বিজেপি চৰকাৰে দূৰ্নীতি বিৰোধী অভিযান চলাই থকাৰ ধাক ঢোল বজাই থকাৰ সময়ত বিজেপি দলৰ পঞ্চায়ত সভানেত্রীয়ে চৰকাৰৰ অভিলাষী আঁচনিক খিৰতি গাইত পৰিনত কৰি দুখীয়া কৃষক ৰাইজ পৰা অবৈধভাৱে সংগ্ৰহ কৰি আছে লাখ লাখ টকা । বিধায়িকা আঙুৰলতা ডেকাৰ ঘনিষ্ঠ সম্পর্ক থকাৰ বাবেই পঞ্চায়ত পতিনিধিয়ে কেৰেপ নকৰে সাধাৰণ লোকক । এই ঘটনা সংঘটিত হৈছে বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তত । পঞ্চায়তৰ সভানেত্ৰী নমিতা হাজৰিকা আৰু তেওঁৰ স্বামী লোকনাথ বৰাই চৰকাৰৰ অভিলাষী আঁচনি প্ৰদান কৰাৰ নামত দৰিদ্ৰ কৃষকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী কৃষক আৰু বিজেপি দলৰেই একাংশ কৰ্মীয়ে । দুগ্ধ উন্নয়নৰ আঁচনিৰ অধীনত Dairy farm দিয়াৰ নামত ভুৱা প্ৰ-পত্ৰ চপা কৰি অৰ্থলিপ্সু সভানেত্ৰী গৰাকীয়ে কৃষক ৰাইজক উন্নত মানৰ গৰু দিয়াৰ নামত প্ৰতিজন কৃষকৰ পৰা চাৰি হাজাৰৰ পৰা পাচ হেজাৰ টকাকৈ সংগ্ৰহ কৰে । তাৰোপৰি প্ৰধানমন্ত্ৰীৰ আবাস যোজনা, উজ্জ্বলা আচঁনি আৰু কৃষকৰ অনুদানৰ নামতো ধন সংগ্ৰহ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী ৰাইজে । ধন সংগ্ৰহ কৰা ছয় মাহ পাৰ হৈ যোৱাৰ পিছতো ৰাইজে কোনো অনুদান লাভ নকৰাত জাঙুৰ খাই উঠিছে ভূক্তভোগী ৰাইজ। এই সন্দৰ্ভত ভুক্তভোগী ৰাইজে স্হানীয় বিধায়িকা আঙুৰলতা ডেকা আৰু সংশ্লিষ্ট বিভাগক লিখিত অভিযোগ দাখিল দিছে যদিও এতিয়া লৈকে সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই । স্বয়ং বিজেপি দলৰ কৰ্মীয়েই সভানেত্ৰী গৰাকীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ দিয়াৰ পিছতো ৰহস্যজনক নিৰব ভূমিকা গ্ৰহন কৰি আছে বিজেপি দলৰ সমষ্টিটোৰ বিধায়িকা আঙুৰলতা ডেকা ৷ দুৰ্নীতিগ্ৰস্ত সভানেত্রী গৰাকীৰ লগত বিভাগীয় বিষয়া কৰ্মচাৰী জৰীত হৈ দৰিদ্ৰ কৃষকক ৰামঠগন দিয়াৰ অভিযোগ ৰাইজৰ । এইগৰাকী দুৰ্নীতিগ্ৰস্ত সভানেত্রী গৰাকীৰ বিৰুদ্ধে তদন্ত কৰি বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ বিধায়িকা গৰাকীক পুনৰ দাবী জনাইছে ভূক্তভোগী ৰাইজ আৰু স্থানীয় বিজেপি কৰ্মীয়ে ।_______________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত অসম ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.