ETV Bharat / state

বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চৰ বিৰুদ্ধে গোচৰ ৰুজু এ বি ভি পি ৰ

author img

By

Published : Jun 13, 2019, 11:56 PM IST

Updated : Jun 14, 2019, 12:27 AM IST

ফেচবুক পেজত সাম্প্ৰদায়িক মন্তব্য "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ সংগঠনটোৰ ৷ সংগঠনটোৰ বিৰুদ্ধে বটদ্ৰৱা থানাত গোচৰ ৰুজু অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ

বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চই ফেচবুকত দিয়া সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে গোচৰ ৰুজু

বটদ্ৰৱা, 13 জুনঃ বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ নামৰ সংগঠনে ফেচবুক পেজত কৰা সাম্প্ৰদায়িক মন্তব্যৰ বিৰোধিতা কৰি বৃহস্পতিবাৰে বটদ্ৰৱা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বটদ্ৰৱা শাখাই । অভিযোগ অনুসৰি বিগত কিছুদিন ধৰি "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ সংগঠনটোৱে ফেচবুক পেজৰ জৰিয়তে অসমৰ সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টাত লিপ্ত হৈছে । সংগঠনটোৱে ফেচবুকত সাম্প্ৰদায়িক মন্তব্য দিয়াৰ উপৰিও বিভিন্ন ভাবুকি প্ৰদানেৰে সাম্প্ৰদায়িক উচটনি দিয়াও পৰিলক্ষিত হৈছে ।

বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চৰ বিৰুদ্ধে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গোচৰ ৰুজু

তাৰোপৰি পেজটোত বাংলাদেশৰ কিছুমান সাংস্কৃতিক অনুষ্ঠানৰ ছবি অসমৰ বুলি অপপ্ৰচাৰ কৰি অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন হৈছে । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অভিযোগ সংগঠনটোৰ এনে অপৰাধমূলক কামকাজে অসমৰ সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ থল আছে ৷ সেয়ে এই ফেচবুক পেজটোৰ লগত জড়িত "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ সংগঠনটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বটদ্ৰৱা শাখাই ৷

Intro:ফেচবুক পেইজত সাম্প্ৰদায়িক মন্তব্য ৷ বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চৰ বিৰুদ্ধে বটদ্ৰৱা থানত অখিল ভাৰতীয় বিদ্যৰ্থী পৰিষদৰ গোচৰ ৰুজু ৷Body:বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ নামৰ এটি সংগঠনে ফেচবুক পেইজত অসমৰ সাতামপুৰুষীয়া সম্প্ৰতি বিনষ্ট কৰা সাম্প্ৰদায়িক মন্তব্য প্ৰদান বাবে বৃহস্পতিবাৰে বটদ্ৰৱা আৰক্ষী থানাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বটদ্ৰৱা শাখাই এজাহাৰ দাখিল কৰে। অভিযোগ মতে বিগত কিছুদিন ধৰি "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ সংগঠনটোৰ ফেচবুক পেইজত অসমৰ সাতামপুৰুষীয়া সম্প্ৰতি বিনষ্ট কৰা অপচেষ্টাত লিপ্ত হৈছে। সংগঠনটোৱে পেইজটোত সাম্প্ৰদায়িক মন্তব্যৰ উপৰিও হিন্দু ধৰ্মৰ বিৰুদ্ধে মন্তব্য কৰাৰ লগতে বিভিন্ন ভাবুকি প্ৰদানেৰে সাম্প্ৰদায়িক উচতনি দিছে। পেইজটোত বাংলাদেশৰ কিছুমান সাংস্কৃতিক অনুষ্ঠানৰ ছবি অসমৰ বুলি অপপ্ৰচাৰ কৰি অসমীয়া সংস্কৃতিৰ বিৰুদ্ধে ভুৱা তথা মিছা অপপ্ৰচাৰত লিপ্ত হৈছে। সংগঠনটোৰ এনে অপৰাধ মূলক কামকাজে অসমৰ সাম্প্ৰদায়িক সম্প্ৰতি বিনষ্ট কৰাৰ থল আছে, সেয়ে এই ফেচবুক পেজটোৰ লগত জড়িত "বটদ্ৰৱা সংখ্যালঘু যুৱ মঞ্চ" নামৰ সংগঠনটোৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ লগতে যথোচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ বটদ্ৰৱা শাখাই।________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
Last Updated : Jun 14, 2019, 12:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.