ETV Bharat / state

বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত চকুলো !

author img

By

Published : Nov 7, 2019, 10:33 AM IST

৩২ বছৰে ভাওনাৰ সাজ-পোচাক,মুখা নিৰ্মাণ কৰি জীৱন নিৰ্বাহ কৰা বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত এতিয়া চকুপানী । অসহায় দুই শিল্পী ৷

বঢ়মপুৰৰ দুই শিল্পীৰ দুচকুত চকুলো

বঢ়মপুৰ, 7 অক্টোবৰ: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি হৈছে ভাওনা । শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস উৎসৱৰ আগমণৰ লগে লগে নামঘৰে নামঘৰে বৃদ্ধি পাইছে খোল তালৰ শব্দৰ লগতে ভাওনাৰ আখৰা । ভাওনাত ভাৱৰীয়া সকলৰ ভাও চাই আমি আমোদ লওঁ যদিও কিমান জনে মনত ৰাখে ভাওনাৰ আঁৰৰ শিল্পীসকলক । মহাপুৰুষজনাৰ অমৰ সৃষ্টিক জীয়াই ৰখাৰ বাবে দুখ বেদনাৰ মাজৰে অপ্ৰাণ চেষ্টা চলাই আহিছে নগাঁও জিলাৰ কামপুৰৰ দুই শিল্পীয়ে ৷

নগাঁও জিলাৰ কামপুৰৰ দুই শিল্পীৰ কৰুণ গাথা

নগাঁও জিলাৰ কামপুৰৰ এই দুই শিল্পীৰ নাম হৈছে গিৰীশ বৰা আৰু হেমেন্দ্ৰ নাথ । দুয়ো বিগত ৩২ বছৰে ভাওনাৰ সাজ-পোছাক,মুখা নিৰ্মাণ কৰাৰ লগতে খনিকৰ হিচাবে কাম কৰি মহাপুৰুষৰ অমৰ সৃষ্টি ভাওনাক জীয়াই ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আহিছে ৷ কামপুৰৰ লগতে সমগ্ৰ নগাওঁ জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ভাওনাত ভাওৰীয়াৰ সাজ যোগান ধৰাৰ লগতে খনিকৰ হিচাপে সেৱা আগবঢ়াই অতি কষ্টৰে পোহপাল দি আহিছে পৰিয়াল ৷ কিন্তু জীৱনটো শিল্প সাধনাত ব্যস্ত থকা শিল্পীদ্বয়ৰ বাবে চিন্তা চৰ্চা কৰিবলৈ আহৰি নাই চৰকাৰৰ ।

আনকি বেংকত ঋণ বিচাৰি গ’লেও এই কৰ্মৰ বাবে বিমোখ কৰি পঠিয়াই বেংক কৰ্তৃপক্ষই। সেয়ে চৰকাৰলৈ তেওঁলোকৰ আহ্বান আৰ্থিকভাৱে সহায় কৰাৰ বাবে ৷

Intro:Sub= কিমান জনে খৱৰ ৰাখে মহাপুৰুষৰ অমৰ সৃষ্টি ভাওঁনাৰ আৰৰ মানুহ সকলক। ৩২ বছৰে ভাওঁনাৰ সাজ-মুখা নিৰ্মান কৰি জীৱন নিৰ্বাহ কৰা শিল্পীৰ দুচকুত এতিয়া চকুৰপানী ।

Anchor= মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ  সৃষ্টি ভাওঁনা। শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস উৎসৱৰ আগমনৰ লগে লগে নামঘৰে নামঘৰে বৃদ্ধি পাইছে খোল তালৰ শব্দৰ লগতে চলিছে ভাওঁনাৰ আখৰা। ভাওঁনাত ভাৱৰীয়া সকলৰ ভাও চাই আমি আমোদ লওঁ যদিও কিমান জনে মনত ৰাখে ভাওঁনাৰ আঁৰৰ এই শিল্পী সকলক ।মহাপুৰুষৰ অমৰ সৃষ্টিক জীয়াই ৰখাৰ বাবে দুখ বেদনাৰ মাজৰে আপ্ৰাণ চেষ্টা চলাই আহিছে এই সকল শিল্পীয়ে। কিন্তু কোন এই সকল শিল্পী চাওঁক আহক আমাৰ এক প্ৰতিবেদন।
Body:VO= হয়, নগাঁও জিলাৰ কামপুৰৰ দুই শিল্পী গিৰীশ বৰা আৰু হেমেন্দ্ৰ নাথ ।দুয়ো বিগত ৩২ বছৰে  ভাওঁনাৰ সাজ-পোছাকৰ আৰু মুখা নিৰ্মান কৰাৰ লগতে খনিকৰ হিচাবে কাম কৰি মহাপুৰুষৰ অমৰ সৃষ্টি ভাওঁনাক জীয়াই ৰখাৰ বাবে আপ্ৰান চেষ্টা কৰি আহিছে ।জীৱনটো শিল্প সাধনাত ব্যস্ত থকা শিল্পী দ্বয়ৰ বাবে চিন্তা চৰ্চা কৰিবলৈ কাৰো আহৰি নাই।
Byte= শিল্পীদ্বয়।
Conclusion:VO= প্ৰতিদিনে দৰিদ্ৰতাৰ সন্মুখীন হৈ অহা দুই শিল্পীয়ে বৰ্তমান এখন অন্ধকাৰ পৃথিবীৰ সন্মুখীন হৈ আহিছে। কামপুৰৰ লগতে সমগ্ৰ নগাওঁ জিলাৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা ভাওঁনাত ভাওৰীয়াৰ সাজ যোগান ধৰাৰ লগতে খনিকৰ হিচাবে সেৱা আগবঢ়াই অহাৰ লগতে ধনো উৰ্পাজন কৰি অতি কষ্টৰে পৰিয়াল পোহপাল দিছে যদিও সহায়ৰ বাবে আগবাঢ়ি অহা নাই কোনো চৰকাৰী পক্ষ। আনহাতে বেংকত ঋণ বিচাৰি যাওঁতেও বিমুখ কৰি পঠিয়াই বেংক কৰ্তৃপক্ষই। উল্লেখ্য যে চৰকাৰে এইসকল শিল্পী লৈ সহায়ৰ হাত আগবঢ়ালে সংকটত পৰা শিল্পী সমাজ আৰু এখোজ আগবাঢ়ি যোৱাত সহায় হব।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.