ETV Bharat / state

অংগনবাড়ী কৰ্মীৰে চলিছে নগাঁৱৰ এখন প্ৰাথমিক বিদ্যালয়

শিক্ষাবিভাগৰ নগ্ন স্বৰূপ প্ৰতিফলিত হ’ল নগাঁৱৰ কঠীয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত পদুমণি কলনী মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত ৷ বিদ্যালয়খনত প্ৰধান শিক্ষকসহ দুজনকৈ শিক্ষক থকা স্বত্বেও পাঠদান কৰি আছে অংগনবাড়ী কেন্দ্ৰৰ সহায়ীকায়ে ৷

Barhampur school story nagaon assam etv bharat news
শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ প্ৰতিফলিত
author img

By

Published : Feb 22, 2020, 2:37 PM IST

বঢ়মপুৰ,22 ফেব্ৰুৱাৰীঃ কামপুৰৰ চৰকাৰী বিদ্যালয়ত সংঘটিত হৈছে এক আজৱ কাণ্ড । শিক্ষাবিভাগৰ নগ্ন স্বৰূপ প্ৰতিফলিত হ’ল নগাঁৱৰ কঠীয়াতলি শিক্ষাখণ্ডৰ অন্তৰ্গত পদুমণি কলনী মোক্তাৱ প্ৰাথমিক বিদ্যালয়ত ৷ বিদ্যালয়খনত প্ৰধান শিক্ষকসহ দুজনকৈ শিক্ষক থকা স্বত্বেও পাঠদান কৰি আছে অংগনবাড়ী কেন্দ্ৰৰ সহায়িকায়ে ৷ অভিযোগ অনুসৰি প্ৰায় বিদ্যালয়খনত উপস্থিত নাথাকে প্ৰধান শিক্ষক বিনোদ বৰুৱাৰ লগতে সহকাৰী শিক্ষকগৰাকী ।

শিক্ষা বিভাগৰ ফোঁপোলা স্বৰূপ প্ৰতিফলিত

ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা ৰাজ্যৰ শিক্ষা বিভাগে বহুসময়ত ধৃতৰাষ্ট্ৰৰ ভূমিকা পালন কৰাৰ ফলতে এনে ঘটনা সংঘটিত হয় ৷ ৰাজ্যৰ বিয়াগোম শিক্ষা বিভাগে চৰকাৰী বিদ্যালয়সমূহৰ শিক্ষকৰ কাৰ্যৰ ওপৰত চোকা দৃষ্টি ৰখাৰ চেষ্টা কৰি বিফল হোৱা দেখা গৈছে ৷ কৰ্মত গাফিলতি কৰিলে দৰমহা কৰ্তন কৰা হ’ব বুলি শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে কঠোৰ নিৰ্দেশ জাৰি কৰাৰ পিছতো একাংশ শিক্ষকে এই নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই আহিছে ৷ অংগনবাড়ী সহায়িকাৰ জৰিয়তে পাঠদান কৰা ঘটনাটোক সহজভাৱে ল'ব পৰা নাই অভিভাৱকসকলে ৷ উক্ত ঘটনা সন্দৰ্ভত শিক্ষামন্ত্ৰী গৰাকীক উচিত ব্যৱস্থা ল'বলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ৷

লগতে চাওকঃগুপ্তকাশী বিশ্বনাথ ঘাটত হ'ব ৰ'পৱেঃ মন্ত্ৰী ৰঞ্জিত দত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.