বঢ়মপুৰ,16নৱেম্বৰ: সোমবাৰে কামপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি নেত্ৰ গোহাঁইৰ দেহৱসান ঘটে ৷ যাৰ বাবে কামপুৰত প্ৰাক্তন ছাত্ৰ সন্থাৰ শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰা হয় । দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰাক্তন সভাপতি গৰাকী ৷ অৱশেষত নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে গোহাঁই।
প্ৰাক্তন সভাপতি গৰাকীৰ আত্মাৰ সদগতি কামনা কৰি শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কামপুৰৰ প্ৰাক্তন ছাত্ৰ সন্থাৰ লগতে স্থানীয় লোকে । কামপুৰৰ বিভিন্ন সামাজিক কাৰ্যত জড়িত হৈ সমাজৰ উন্নতি বাবে কাম কৰি ভাল পোৱা গোহাঁই অসমৰ স্বাৰ্থ হকেও আপোচ বিহীন ভাবে সংগ্ৰামত আগভাগ লৈছিল । ১৯৮৭-৯০ চনলৈকে কামপুৰ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক হিচাপেও দায়িত্বত আছিল গোহাঁই ।
অন্য এক খবৰৰ বাবে: ৰূপা দাসক এতিয়া প্ৰয়োজন এধানি সহায়ৰ