বঢ়মপুৰ,26আগষ্টঃ এইবাৰ মন্ত্ৰী বিধায়কে নহয়, ৰাইজে নিজে নিৰ্মান কৰি নিজে উদ্বোধন কৰিলে এখন বাঁহৰ দলং ৷ চৰকাৰৰ ওপৰত ক্ষোভিত বঢ়মপুৰৰ চিউগুৰিৰ ৰাইজে বৰপানী নদীৰ ওপৰত প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে এখন ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং ৷ দীৰ্ঘদিনৰ পৰা এখন দলঙৰ অভাৱত বৰপানী নদীয়েদি এখন টুলুঙা নাৱৰে পাৰ হব লগা হৈছিল ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ লোকসকল ৷ বহুবাৰ সংশ্লিষ্ট বিভাগৰ বিষয়া ,কৰ্মচাৰী তথা সমষ্টিৰ বিধায়কক এখন দলং নিৰ্মানৰ বাবে অনুনয়-বিনুনয় কৰিও সুফল নোপোৱাত পৰিবৰ্তনকামী চৰকাৰলৈ বাট নাচাই নিজে গাঠিৰ ধন ভাঙি দলংখন নিৰ্মান কৰি ওলিয়ালে অঞ্চলটোৰ ৰাইজে ৷
গাঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে বাঁহৰ দলং - বাঁহৰ দলং নিৰ্মাণ কৰিলে ৰাইজে
বৰপানী নদীৰ ওপৰত প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং নিৰ্মাণ কৰি উদ্বোধন কৰিলে ৰাইজে ৷ দীৰ্ঘদিনৰ পৰা টুলুঙা নাৱৰে পাৰ হোৱা অঞ্চলটোৰ ৰাইজে সংশ্লিষ্ট বিভাগৰ বিষয়া ,কৰ্মচাৰী তথা সমষ্টিৰ বিধায়কক অনুনয়-বিনুনয় কৰিও নাপালে কোনো সুফল ৷
বঢ়মপুৰ,26আগষ্টঃ এইবাৰ মন্ত্ৰী বিধায়কে নহয়, ৰাইজে নিজে নিৰ্মান কৰি নিজে উদ্বোধন কৰিলে এখন বাঁহৰ দলং ৷ চৰকাৰৰ ওপৰত ক্ষোভিত বঢ়মপুৰৰ চিউগুৰিৰ ৰাইজে বৰপানী নদীৰ ওপৰত প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিয়ালে এখন ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলং ৷ দীৰ্ঘদিনৰ পৰা এখন দলঙৰ অভাৱত বৰপানী নদীয়েদি এখন টুলুঙা নাৱৰে পাৰ হব লগা হৈছিল ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ লোকসকল ৷ বহুবাৰ সংশ্লিষ্ট বিভাগৰ বিষয়া ,কৰ্মচাৰী তথা সমষ্টিৰ বিধায়কক এখন দলং নিৰ্মানৰ বাবে অনুনয়-বিনুনয় কৰিও সুফল নোপোৱাত পৰিবৰ্তনকামী চৰকাৰলৈ বাট নাচাই নিজে গাঠিৰ ধন ভাঙি দলংখন নিৰ্মান কৰি ওলিয়ালে অঞ্চলটোৰ ৰাইজে ৷
Anchor+vo= মন্ত্ৰী বিধায়কে দলং উদ্বোধন কৰা সততে সকলোৱে দেখি আহিছে কিন্তু এইবাৰ মন্ত্ৰী বিধায়ক নহয় ৰাইজে নিজে দলং নিৰ্মান কৰি নিজে উদ্বোধন কৰিলে এখন বাঁহৰ দলং । হয়, নগাঁও জিলা ৰহা সমষ্টিৰ অন্তৰ্গত চিউগুৰি আৰু বসুন্দৰী "মা" থান সংযোগী বৰপানী নদী ওপৰত ৰাইজে গাঠিৰ ধন খৰছ কৰি নিৰ্মান কৰিলে এখন বাঁহৰ দলং । প্ৰায় ডেৰ লাখ টকা ব্যয় সাপেক্ষে স্থানীয় ৰাইজে নিৰ্মান কৰিলে প্ৰায় ১০০ মিটাৰ দৈৰ্ঘৰ বাঁহৰ দলংখন । দীৰ্ঘদিনৰ পৰা এখন দলঙৰ অভাৱত বৰপানী নদীয়েদি এখন টুলুঙা নাৱৰে পাৰ হৱ লগা হয় ছাত্ৰ ছাত্ৰীকে ধৰি অঞ্চলটোৰ বিভিন্ন লোক ৷বহুবাৰ সং শ্লিষ্ট বিভাগৰ বিষয়া ,কৰ্মচাৰী তথা সমষ্টিৰ বিধায়কক এখন দলং নিৰ্মানৰ বাবে অনুনয় বিনুনয় কৰিও সুফল নাপালে অঞ্চলটোৰ ৰাইজে সেয়েহে ৰাইজে পৰিবৰ্তনকামী চৰকাৰলৈ বাট নাচাই নিজে গাঠিৰ ধন ভাঙি নিৰ্মান কৰি ওলিয়ালে এই বাঁহৰ দলংখন ।
Byte = স্থানীয় লোকBody:বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam Conclusion: