ETV Bharat / state

আবিৰৰ ৰঙেৰে ৰঙীণ বটদ্ৰৱা থান - বটদ্ৰৱাত দৌল মহোৎসৱ

এই দৌল মহোৎসৱলৈ আহিবলগীয়া ভকত বৈষ্ণৱ আৰু দৰ্শনাৰ্থীক সেৱা আগবঢ়াবলৈ বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে জিলা প্ৰশাসনো সাজু হৈছে ।

ৰঙীণ বটদ্ৰৱা থান....
ৰঙীণ বটদ্ৰৱা থান....
author img

By

Published : Mar 5, 2020, 11:29 PM IST

বটদ্ৰৱা, 5 মাৰ্চঃ দৌল মহোৎসৱলৈ মাজত মাথো দুদিন । ৮ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী কৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱ । দৌল যাত্ৰা উপলক্ষে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে । সজাই পৰাই তোলা হৈছে বটদ্ৰৱা থান । দৌল মহোৎসৱলৈ আহিবলগীয়া ভকত বৈষ্ণৱ আৰু দৰ্শনাৰ্থীক সেৱা আগবঢ়াবলৈ সাজু হৈছে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ লগতে জিলা প্ৰশাসন ৷ পাচঁদিনীয়া কাৰ্যসূচীত পৰম্পৰাগত ৰীতি নীতিৰে আয়োজন কৰা হৈছে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰো ।

ৰঙীণ বটদ্ৰৱা থান....

আনহাতে চৰকাৰৰ পৰামৰ্শৰ প্ৰতি সহাঁৰি জনাই বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে চীনা ফাকু গুৰিৰ পৰিৱৰ্তে হাৰবেল ফাকু গুৰি ব্যৱহাৰ কৰিবলৈ ভকত বৈষ্ণৱক আহ্বান জনাইছে । শ্ৰী শ্ৰী কৃষ্ণ দৌল মহোৎসৱৰ লগত সংগতি ৰাখি থান পৰিচালনা সমিতিয়ে আগন্তুক আসমীয়া নববৰ্ষৰ এখন কেলেণ্ডাৰো উন্মোচন কৰে বৃহস্পতিবাৰে । উল্লেখ্য যে, দৌল যাত্ৰা মহোৎসৱ উপলক্ষে আজিৰে পৰা ভকত বৈষ্ণৱ তথা দৰ্শনাৰ্থীৰ আগমন ঘটা পৰিলক্ষিত হৈছে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.