ইচ্ছা থাকিলে উপায় ওলায় ৷ কৰ্ম কৰি আত্মসন্মানেৰে জীয়াই থাকিব খোজা ব্যক্তি এজনৰ বাবে জীৱন সংগ্ৰাম নিশ্চয় থাকিব ৷ কিন্তু জীয়াই থকাৰ পথবোৰ কেতিয়াও বন্ধ নহয় ৷ আপুনি যদি আত্মনিৰ্ভৰশীল হৈ জীয়াই থাকিব খুজিছে তেন্তে আপোনাৰ ওচৰত বহু পথ খোলা আছে ৷
মাত্ৰ আপোনাক দৰকাৰ হ’ব এখন বিশ্বাসী আৰু নিৰ্ভৰযোগ্য হাতৰ ৷ যিখন হাতে আপোনাক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ লগতে আপোনাক বাস্তৱসন্মত পথ নিৰ্দেশনাও দিব (Bandhan Bank loan facility) ৷
বন্ধন বেংক এনে এক প্ৰতিষ্ঠান, যি প্ৰতিষ্ঠানে কৰ্ম কৰি আত্মসন্মানেৰে জীয়াই থাকিব খোজা লোকসকলৰ কাষত প্ৰয়োজনীয় সহায়ৰ হাত লৈ সকলো সময়তে থিয় হৈ থাকে ৷ নগাঁও জিলাৰ পশ্চিম ননৈৰ বন্ধন বেংকৰ এগৰাকী মহিলা গ্ৰাহকৰ জীৱন সংগ্ৰামত বন্ধন বেংক কিদৰে সহায়ক হৈছে সেই কথা মহিলা গ্ৰাহকগৰাকীৰ নিজেই বৰ্ণনা কৰি গৈছে (Bandhan Bank Loan) ৷
প্ৰায় একেই অভিজ্ঞতা জিলাখনৰ পাথৰি অঞ্চলৰ আন এগৰাকী যুৱ ব্যৱসায়ীৰ ৷ পৰিয়াল ভৰণ-পোষণ দিবলৈ প্ৰয়োজনীয় কৰ্মসংস্থাপনৰ বাবে চৰকাৰৰ মুখলৈ নাচাই, এই যুৱকজনে কাষ চাপিছিল বন্ধন বেংকৰ ৷ বেংকে তেওঁক বিমুখ কৰা নাছিল ৷ কিন্তু তেওঁৰ কৰ্মস্পৃহাৰ উমান ল’বলৈ প্ৰথমতে তেওঁক ঋণ হিচাপে আগবঢ়াইছিল 10 হাজাৰ টকা ৷
ইয়াৰ পিছত বেংক আৰু যুৱ ব্যৱসায়ী কোনেও পিছলৈ উভতি চাব লগীয়া হোৱা নাই ৷ বন্ধন বেংকৰ 10 হাজাৰ টকাৰ প্ৰথম ঋণটোৰ পৰাই আজি এগৰাকী লাখটকীয়া ব্যৱসায়ীত পৰিণত হৈছে পাথৰিৰ এই যুৱকজন ৷ বন্ধন বেংকৰ ঋণ লৈ কৰ্ম সংস্থাপন লাভ কৰা হেজাৰ জনৰ মাজৰ এওঁলোক দুটা উদাহৰণহে ৷
আজি অসমত হেজাৰ হেজাৰ পুৰুষ মহিলাই চৰকাৰী চাকৰিৰ বাবে আশা পালি নাথাকি বন্ধন বেংকৰ সহায়ত আগবঢ়াই নিছে তেওঁলোকৰ সফল কৰ্ম সংস্থাপনৰ সংগ্ৰাম ৷ আপুনি যদি কৰ্ম সংস্কৃতিত বিশ্বাসী তেন্তে পলম নকৰিব বন্ধন বেংক আপোনাক সহায় কৰিবলৈ সকলো সময়তে সাজু হৈ আছে ৷