ETV Bharat / state

Baduli Khurung mela 2022: আজিৰে পৰা আৰম্ভ ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা

author img

By

Published : Mar 3, 2022, 9:33 AM IST

বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হ’ব ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা (Baduli Khurung mela 2022) ৷ নানা আখ্যান আৰু জনশ্ৰুতিৰে সাঙোৰ খাই থকা এই মেলা উৎসৱলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ জনতাৰ আগমন হয় । ইতিহাস বিজড়িত কন্দলী অঞ্চলৰ এটি শিলাময় পাহাৰৰ বুকুতেই লুকাই আছে বাদুলি খোৰোং নামৰ এই বিস্ময়কৰ গুহাটো ।

baduli khurung mela 2022 begins at berhampur in nagaon
আৰম্ভ ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা

চামগুৰি, 3 মাৰ্চ : নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চোট কন্দলী পাহাৰস্থিত বাদুলি খোৰোঙত আজি অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঐতিহাসিক বাদুলি খোৰোং মেলা (Baduli Khurung mela 2022) । প্ৰচলিত জনশ্ৰুতি অনুসৰি প্ৰাক্ শংকৰী যুগত বৰ্তমান কন্দলীৰ বাদুলি খোৰোং থকা স্থানত আছিল এখন নাৰী ৰাজ্য । এই নাৰী ৰাজ্যত পুৰুষৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ আছিল ।

এবাৰ এজন ঋষিয়ে নিজৰ মনৰ কৌতুহল দমাব নোৱাৰি নাৰী ৰাজ্যখন কেনেকুৱানো বুলি চাবলৈ নাৰীৰ ভেশ ধৰি নাৰী ৰাজ্যত প্ৰৱেশ কৰিছিল । এই কথা নাৰী ৰাজ্যৰ চোৰাংচোৱাই গম পাই ঋষিক শাস্তি দিবৰ বাবে নাৰী ৰাজ্যৰ গুহাৰ ভিতৰৰ শিলত ওলোমাই থৈছিল । ইয়াতে ঋষি খঙত অগ্নিশৰ্মা হৈ পৰে আৰু নাৰী ৰাজ্যৰ ৰাণী প্ৰমীলা আৰু আন সকলোকে বাদুলি হৈ শিলত ওলমি থাকিবলৈ অভিশাপ দিয়ে ।

প্ৰমিলাই ঋষিৰ অভিশাপৰ পৰা মুক্তি পাবলৈ ঋষিক বহু অনুনয়-বিনয় কৰিছিল যদিও ঋষিয়ে তেওঁৰ অভিশাপৰ পৰা নাৰীসকলক মুক্ত নকৰিলে । তেতিয়াৰে পৰা এই বাদুলি খোৰোঙত হাজাৰ হাজাৰ বাদুলিয়ে বসবাস কৰি আহিছে বুলি স্থানীয় লোকসকলে বিশ্বাস কৰে । ইফালে ইয়াৰ বাদুলিবোৰৰ চিঞৰ বাখৰক বহু লোকে অভিশপ্ত নাৰীৰ কান্দোন বুলি ক'ব খোজে । এই বাদুলি খোৰোঙত স্থানীয় লোকসকলে শিৱৰাত্ৰিৰ এদিন পিছৰ পৰা তিনিদিনীয়াকৈ মেলা অনুষ্ঠিত কৰি আহিছে (Every year Baduli mela celebrate after two days of Maha Shivaratri) ।

আৰম্ভ ঐতিহাসিক কন্দলী বাদুলি খোৰোং মেলা

মেলাকেইদিনত বাদুলি খোৰোঙত চাকি বন্তি জ্বলালে পূণ্য লাভ হয় বুলি জনবিশ্বাস প্ৰচলিত ৷ সেয়ে মেলাৰ দিনকেইটাত বাদুলি খোৰোং চাবলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম হয় এই স্থানত । ইফালে এই কেইদিনতে বহুলোকে বাদুলি খোৰোঙত সোমাই কিছু অংশ চাব পাৰে যদিও বাকী অংশ অন্ধকাৰ হোৱা হেতুকে চাব পৰা নাযায় ।

ইফালে এই বাদুলি থকা গুহাটো কিমান গভীৰ সেইটো সোমাই যাব নোৱাৰা বাবে সঠিকভাৱে জানিব পৰা নাযায় । ইফালে মেলা কেইদিনতহে স্থানীয় লোকৰ প্ৰচেষ্টাত খোৰোঙৰ কিছু অংশ চাবলৈ ৰাইজৰ ভাগ্য হয় ৷ উল্লেখ্য যে, ভৱিষ্যৎ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব পাৰে এই বাদুলি খোৰোং (Tourism in Nagaon) ৷

সেয়ে স্থানীয় ৰাইজৰ চৰকাৰলৈ অনুৰোধ, এই খোৰোঙটো উন্নয়নৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলে অকল মেলাৰ কেইদিনতেই নহয় বছৰৰ বাৰমাহেই বাদুলি খোৰোঙৰ বিষয়ে জানিবলৈ বা চাবলৈ পৰ্যটক বা প্ৰকৃতিপ্ৰেমীৰ সুবিধা হ'ব(Tourist Places in Nagaon) ৷

লগতে পঢ়ক : Karbi Youth Festival 2022 : বৰ্ণিল কাৰ্যসূচীৰে তাৰালাংচত কাৰ্বি যুৱ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.