ETV Bharat / state

নগাঁৱৰ এখন দুৰ্দশাগ্ৰস্ত প্ৰাথমিক বিদ্যালয় - Bad condition on a primary school Nagaon

বিদ্যালয়ত নাই স্থায়ী বিদ্যালয়গৃহ গভীৰ নিদ্ৰাত শিক্ষা বিভাগ ৷ নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডৰ কছাৰী খণ্ডৰ হলিৰাম দাস প্ৰাথমিক বিদ্যালয়ৰ সমস্যাই জুৰুলা কৰিছে৷

নগাঁৱৰ এখন দুৰ্দশাগ্ৰস্ত প্ৰাথমিক বিদ্যালয়
author img

By

Published : Nov 25, 2019, 3:08 PM IST

বঢ়মপুৰ, 25 নৱেম্বৰঃ নিৰ্লিপ্ত ভূমিকাত অসমৰ শিক্ষা বিভাগ ৷ জহি-খহি গৈছে বিদ্যালয় গৃহ তথাপি কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ বাবে শিক্ষামন্ত্ৰীলৈ আহ্বান ছাত্ৰ ছাত্ৰীৰ ৷ নগাঁৱৰ কঠিয়াতলী শিক্ষাখণ্ডৰ কছাৰী খণ্ডৰ হলিৰাম দাস প্ৰাথমিক বিদ্যালয়ৰ নাই স্থায়ী বিদ্যালয়গৃহ ৷ বানপানীয়ে কেইবাবাৰো ভাঙি জুৰুলা কৰা বিদ্যালয়খনৰ আন্তঃ গাঁথনিৰ অৱস্থা অতিকৈ শোচনীয় ৷

নগাঁৱৰ এখন দুৰ্দশাগ্ৰস্ত প্ৰাথমিক বিদ্যালয়

1994 চনত প্ৰতিষ্ঠা লাভ কৰা এই বিদ্যালয়খন বহু সমস্যাৰে জৰ্জৰিত ৷ শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ এই দুৰৱস্থাৰ বিষয়ে শুনিবলৈ আহৰি নাই চৰকাৰ তথা শিক্ষা বিভাগৰ ৷ এতিয়া বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত ক্ষোভ উজাৰিছে সকলোৱে ৷

আৰু পঢ়কঃ সৰ্বা , হিমন্তৰ প্ৰতিমূৰ্তিত শাৰী পিন্ধালে কটনিয়ানে

Intro:ৰাজ্যৰ শিক্ষা বিভাগৰ পয়া লগা অৱস্থা ।বিদ্যালয়ৰ গৃহ নিৰ্মানৰ বাবে  শিক্ষা মন্ত্ৰীলৈ ছাত্ৰ ছাত্ৰীৰ আহ্বান ।

Anchor= ৰাজ্যৰ শিক্ষামন্ত্ৰীলৈ এজাক কন কন শিশুৰ কাতৰ আহ্বাৱন ।আমাৰ বিদ্যালয়খন বনাই দিয়ক চাৰ ।
ৰাজ্যৰ শিক্ষাবিভাগৰ আমূল পৰিৰ্বতনৰ কথা কোৱা চৰকাৰ খনৰ দিনত ছাত্ৰ ছাত্ৰীয়ে এটি বিদ্যালয় গৃহৰ অভাৱত হাহাঁকাৰ কৰিব লগা হৈছে ।তথাপিও কানষাৰ নাই শিক্ষা  বিভাগৰ ।

Body: V/o=পৰিবৰ্তনৰ কথা কোৱা চৰকাৰৰ দিনত শিক্ষা বিভাগৰ অপৰিৰ্ৱতিত ছৱি ।এটা ভঙা জুপুৰিত জীৱন গঢ়াৰ সপোন ৰচিছে এজাক ছাত্ৰ ছাত্ৰীয়ে । শিক্ষা বিভাগৰ আমূল পৰিবৰ্তনৰে ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন সা সুবিধাৰে শিক্ষা গ্ৰহন কৰি থকাৰ সময়ত সমগ্ৰ অসমত বহু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে এটা বিদ্যালয় গৃহৰ অভাৱত হাঁহাকাৰ কৰিব লগা হৈছে ।এইখন নগাওঁ জিলাৰ কঠিয়াতলী শিক্ষাখণ্ডৰ কছাৰী খণ্ডাৰ হলিৰাম দাস প্ৰাথমিক বিদ্যালয় ।১৯৯৪ চনত প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন ২০১৩ চনত প্ৰাদেশীকৰণ হয় ।২০১৩ চনতে প্ৰাদেশীকৰণ হোৱা বিদ্যালয় খনৰ নাই স্থায়ী বিদ্যালয় গৃহ ।ৰদ ;ধুমুহা ;বৰষুনত বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ মাজৰে ছাত্ৰ ছাত্ৰীয়ে শিক্ষাগ্ৰহন কৰি আহিছে ।এশ এবুৰি সমস্যাৰ মাজৰে আৰু বিদ্যালয়ৰ আন্তগাঠনি উন্নয়ন নোহোৱাৰ বাবে বিদ্যালয় খনত ছাত্ৰ ছাত্ৰীৰ সংখ্যাৰো নিম্নগামী হৈছে । বানপানীয়ে কেইবাৰো ভাঙি লৈ গৈছে বিদ্যালয়ৰ এই জুপুৰী ঘৰটো । BYTE=প্ৰধান শিক্ষক+অভিভাৱক+ছাত্ৰ ছাত্ৰী

Conclusion:v/o=শিক্ষাৰ অধিকাৰ আইনৰ অধিনত কন কন শিশুক শিক্ষাগ্ৰহনৰ বাবে ছাত্ৰ ছাত্ৰীক সকলো ধৰণৰ সুবিধা দিব লাগে যদিও এই দৰে এটা বিদ্যালয় গৃহৰ অভাৱত পাঠদান কৰিব লগাহোৱা বিষয়টোৱে বৰ্তমান চিন্তিত কৰি তুলিছে সচেনত ৰাইজক।

বঢ়মপুৰৰ পৰা মাধৱ চন্দ্ৰ ভূঞা Etv Bharat Assam

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.