নগাঁও, ২৮ মে': নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত, অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ (National Food Security Act) অধীনত ৰেচন কাৰ্ডপ্ৰাপ্ত নগাঁও সদৰ বিধানসভা সমষ্টিৰ হিতাধিকাৰী সকলক শনিবাৰে আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয় । জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত আনুষ্ঠানিকভাৱে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুষ্মান-অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ কাৰ্ড বিতৰণ অনুষ্ঠানটো শনিবাৰে বিয়ল অনুষ্ঠিত হয় (Ayushman Bharat Card distribution in Nagaon)।
এই উপলক্ষে আয়োজিত সভাত আদৰণি ভাষণ আগবঢ়াই জিলা উন্নয়ন আয়ুক্ত সত্যজিৎ চেতিয়াই । সভাত জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ভাষণত জিলাখনৰ এই কাৰ্ডৰ হিতাধিকাৰীসকলে চিকিৎসা ক্ষেত্ৰত লাভ কৰিবলগীয়া সুবিধা সমূহৰ বিষয়ে অৱগত কৰে । আয়ুষ্মান কাৰ্ড বিতৰণৰ বাবে অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকি সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই বর্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰখনে দৰিদ্ৰ জনসাধাৰণৰ স্বাস্থ্যৰ ক্ষেত্ৰত গ্ৰহণ কৰা এই আঁচনিখনৰ বিষয়ে বক্তব্য আগবঢ়াই । লগতে ৰাজ্য চৰকাৰৰ অন্যান্য বিভাগৰ লগতে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়েও ব্যাখ্যা আগবঢ়াই বিধায়ক ৰূপক শৰ্মাই ।
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতে ৰাজ্যৰ তিনিখনকৈ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কথাও উল্লেখ কৰে বিধায়ক ৰূপক শৰ্মাই । লগতে দৰিদ্ৰ ৰোগী যাতে উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'ব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম আঁচনি গ্ৰহণ কৰা বুলি কয় বিধায়কগৰাকীয়ে । উল্লেখযোগ্য যে, আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসমৰ কাৰ্ড বিতৰণৰ উদ্দেশ্যে অনুষ্ঠিত এই সভাতে নগাঁও সদৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিক ভাৱে আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হয় ।
নগাঁৱত অনুষ্ঠিত কাৰ্ড বিতৰণি অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অনন্ত কুমাৰ গগৈ, জিলা স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ অৰূপ জ্যোতি মহন্ত, নগাঁও পৌৰ-সভাৰ সভানেত্ৰী অম্বিকা মজুমদাৰ, ধ্ৰুৱ জ্যোতি শর্মাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ বিষয়া-কৰ্মচাৰী সকলৰ লগতে এই কাৰ্ডৰ হিতাধিকাৰীসকল উপস্থিত থাকে ।
লগতে পঢ়ক:Ayushman Bharat Card: ডিফুত আয়ুস্মান ভাৰত কাৰ্ডৰ বিতৰণ অনুষ্ঠান