নগাঁও, 6 আগষ্ট: স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে দেশজুৰি ব্যাপক প্ৰস্তুতি চলিছে আজাদী কি অমৃত মহোৎসৱ উদযাপনৰ বাবে । ঘৰে ঘৰে ত্ৰিৰংগা উৰুৱাই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱাৰ পিছতে আজাদী কি অমৃত মহোৎসৱ উদযাপনৰ বাবে আৰম্ভ হৈছে বিভিন্ন সজাগতামূলক অনুষ্ঠান ।
৭৫ বছৰীয়া স্বাধীনতা দিৱসৰ প্ৰাকমূহুৰ্তত শনিবাৰে নগাঁৱতো অনুষ্ঠিত হয় সজাগতামূলক অনুষ্ঠান । নগাঁৱৰ কাতিমাৰিস্থিত চি আৰ পি এফৰ ৩৪ নং বেটেলিয়েনে উলিয়ায় এক সজাগতামূলক ৰেলী (Awareness rally by CRPF in Nagaon)। হাতে হাতে ত্ৰিৰংগা পতাকা লৈ নগাঁৱৰ ৰেং বেঙৰ পৰা নগাঁও চহৰলৈ সজাগতা শোভাযাত্ৰা উলিয়ায় চি আৰ পি এফৰ বিষয়া জোৱানে ।
প্ৰায় ৩০ কিলোমিটাৰ শোভাযাত্ৰা কৰি নগাঁও চহৰত উপস্থিত হয় চি আৰ পি এফৰ দলটো । সজাগতামূলক শোভাযাত্ৰাত অংশ লয় নগাঁও আৰক্ষীৰ নিৰাপত্তা শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নিৰূপম হাজৰিকাও । শোভাযাত্ৰা কৰি নগাঁৱত উপস্থিত হৈ সকলোকে আজাদী কি অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) উদযাপন কৰিবলৈ আহ্বান জনায় চি আৰ পি এফৰ দলটো ।
লগতে পঢ়ক: TAYPA Tribute Ceremony : আলাবৈ ৰণৰ শ্বহীদক স্মৰণ টাই আহোম যুৱ পৰিষদৰ