নগাঁও, 2 ফেব্ৰুৱাৰী: শুৱালকুছিত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা আছু কৰ্মীৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ঘটনাৰ বিৰুদ্ধে সোমবাৰে ৰাজ্যজুৰি আছুৱে সাব্যস্ত কৰে প্ৰতিবাদ ৷ ৰাজ্যৰ আন আন জিলা সমূহৰ সমান্তৰালকৈ নগাঁৱতো আছুৱে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ৷
নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে ৷ সৰ্বানন্দ সোণোৱাল হায় হায়,ছাত্ৰ সন্থাৰ ওপৰত অত্যাচাৰ নচলিব,ছাত্ৰ সন্থা জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷