নগাঁও, 11 জুলাইঃ লক ডাউনত বিপৰ্যস্ত অসমীয়া গহনাৰ উদ্যোগ। কেঁচা সোণৰ অসমীয়া গহনা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ গৈ থমকি ৰ'বলগীয়া হ'ল অসমীয়া যুৱক । অসমীয়াৰ গহনা নিৰ্মাণ কৰি ৰাষ্ট্ৰীয়,আন্তৰাষ্ট্ৰীয় পর্যায়তো বহু সন্মান লাভ কৰি এতিয়া চৰম সংকটৰ সন্মুখীন হৈছে গহনা উদ্যোগটো । আৰ্থিক সংকটৰ বাবেই পুনৰ চীনা গহনাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰো আশংকা আহিছে উদ্যোগটোলৈ।
![ASSAMESE TRADITIONAL GOLD JEWELRY INDUSTRY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-802-10jly-assamese-juwelary-photo-7203829_10072020130006_1007f_1594366206_819.jpg)
সফলতাৰ দিশে আগবঢ়াৰ সময়তেই হঠাৎ অমানিশা নামি আহে শিল্প উদ্যোগটোলৈ । সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰা কৰ'ণা ভাইৰাছ আৰু লক ডাউনে এতিয়া চৰম সংকট নমাই আনিছে শিল্প উদ্যোগটোলৈ । উদ্যোগটোৰ সৈতে জড়িত প্ৰায় তিনি শতাধিক শিল্পী,কৰ্মচাৰীৰ পৰিয়াললৈও এতিয়া ভাবুকি কঢ়িয়াইছে কৰ'ণা সৃষ্ট পৰিৱেশে । বিগত প্ৰায় পাঁচ মাহ ধৰি একপ্ৰকাৰ বন্ধ হৈ আছে গহনা বিক্ৰী প্ৰতিষ্ঠান। বন্ধ হৈ আছে অনলাইন বিক্ৰী । বিশেষকৈ বহাগ মাহতে হোৱা লক ডাউনৰ বাবে অসমত বহু বিয়া আদি অনুষ্ঠানো সম্পূৰ্ণৰূপে বন্ধ হৈ থকাৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে শিল্প উদ্যোগটো । লোকচানৰ সন্মুখীন হৈও এইপৰ্যন্ত কৰ্মচাৰীক দৰমহা আদায় দি আহিছে উদ্যোগটোৰ স্বত্বাধিকাৰী উৎপল বণিয়াই । পুনৰ চীনা গহনাই গ্ৰাস কৰাৰ আশংকাত এতিয়া উদ্যোগটো জীয়াই ৰখাৰ যুদ্ধত অৱতীৰ্ণ হৈছে উৎপল বণিয়া । লক ডাউনে একপ্ৰকাৰ বিপৰ্যস্ত কৰাৰ পিছতো অসমীয়া শিল্প উদ্যোগটো জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত চৰকাৰৰ পৰা লাভ কৰা নাই কোনো সহায় সাহাৰ্য।
![ASSAMESE TRADITIONAL GOLD JEWELRY INDUSTRY](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-802-10jly-assamese-juwelary-photo-7203829_10072020130006_1007f_1594366206_2.jpg)
লগতে চাওকঃ অখিল গগৈঃ গোলাঘাটত উত্তপ্ত পৰিস্থিতি