ৰহা,16 জানুৱাৰী: অসমৰ ৰাইজে অসম জাতীয় পৰিষদক আদৰি লৈছে ৷ শনিবাৰে ৰহা সমষ্টিৰ কচুগাঁৱত এজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ অসমৰ ৰাইজে বিজেপিক নিৰ্মূল কৰিবলৈ আঞ্চলিকতাবাদক আদৰি লৈছে ৷ গতিকে আগন্তুক নিৰ্বাচনত অসমত পুনৰ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা হ’ব বুলি মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷
ৰহাৰ কচুগাঁৱত অনুষ্ঠিত হোৱা দলীয় সভাত সতীৰ্থই উষ্ম আদৰণি জনায় এজেপিৰ সভাপতিগৰাকীক ৷ ৰহাৰ পৰা প্ৰায় ২৫ কিলোমিটাৰ পথ বিশাল ৰেলী কৰি সভাস্থলীত উপস্থিত হয় লুৰিণজ্যোতি গগৈ ৷ আগন্তুক 2021ৰ বিধানসভা নিৰ্বাচনত এজেপিয়ে 126 টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে ৷ ইয়াৰ উপৰিও আগন্তুক নিৰ্বাচনত সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বিৰুদ্ধে সকলো আঞ্চলিক দলৰ মিত্ৰতা হ’ব বুলিও কয় এজেপিৰ সভাপতিগৰাকীয়ে ৷