ETV Bharat / state

Assam woman in Pakistan Jail: পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

author img

By

Published : Jan 5, 2023, 4:15 PM IST

Updated : Jan 5, 2023, 9:35 PM IST

পাকিস্তানৰ কাৰাগাৰত বন্দী হৈ আছে নগাঁৱৰ এগৰাকী মহিলা ৷ 25 নবেম্বৰত পাকিস্তানত গ্ৰেপ্তাৰ কৰা হৈছিল ৱাহিদা বেগম নামৰ মহিলাগৰাকীক ৷ সম্প্ৰতি সমগ্ৰ বিষয়টো বিচাৰাধীন হৈ আছে দিল্লী উচ্চ ন্যায়ালয়ত ৷

Assam woman in Pakistan Jail
পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা খাতুন

পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

নিউজ ডেস্ক, 5 জানুৱাৰী: পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হৈ আছে নগাঁৱৰ এগৰাকী মহিলা(Assam woman in Pakistan Jail) ৷ ৱাহিদা বেগম নামৰ মহিলাগৰাকী আবদ্ধ হৈ আছে পাকিস্তানৰ কাৰাগাৰত ৷ 10 নবেম্বৰৰ পৰা নগাঁৱৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ থকা মহিলাগৰাকী পাকিস্তানৰ কাৰাগাৰত আবদ্ধ হৈ থকা খবৰ লাভৰ পিছতেই মহিলাগৰাকীৰ পৰিয়ালৰ মাজত লাগিছে হাহাকাৰ(Nagaon Wahida Begum in Pakistan Jail) ৷

উল্লেখ্য যে, নগাঁৱৰ ৱাহিদা বেগম নামৰ মহিলাগৰাকীৰ স্বামী মহম্মদ মহচিন খানৰ মৃত্যুৰ পিছতে উত্তৰাধিকাৰী হিচাপে লাভ কৰা 1 কোটি 60 লাখ টকাৰ সম্পত্তি বিক্ৰী কৰে ৱাহিদাই ৷ ইয়াৰ পিছতে 2022 বৰ্ষৰ 10 নবেম্বৰৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হৈ আছিল ৱাহিদা বেগম ৷ ৱাহিদা বেগম নিৰুদ্দেশ হোৱাক লৈ পৰিয়ালৰ লোকে নগাঁও থানাত দাখিল কৰিছিল এজাহাৰ ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল যদিও লাভ কৰা নাছিল কোনো শুংসূত্ৰ ৷

কিন্তু, সম্প্ৰতি ৱাহিদা বেগম পাকিস্তানৰ কাৰাগৰত বন্দী হৈ থকাৰ খবৰ লাভ কৰিছে পৰিয়ালৰ লোকে ৷ ৱাহিদা বেগম পাকিস্তানত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ থকাৰ কথা পৰিয়ালৰ লোকক হোৱাটছএপ যোগে অৱগত কৰিছে পাকিস্তানৰ এগৰাকী অধিবক্তাই ৷ উল্লেখ্য যে, 25 নবেম্বৰত পাকিস্তানত গ্ৰেপ্তাৰ কৰা হৈছিল ৱাহিদা বেগমক(Nagaon woman arrested in Pakistan) ৷

Assam woman in Pakistan Jail
পাকিস্তানৰ কাৰাগাৰত আবদ্ধ নগাঁৱৰ ৱাহিদা বেগম

তাৰ পিছতেই ৱাহিদাক কাৰাবন্দী কৰিছিল পাকিস্তান চৰকাৰে(Nagaon woman in Pakistan Jail) ৷ 30 নবেম্বৰত পাকিস্তানৰ এগৰাকী অধিবক্তাই ৱাহিদা বেগমৰ মাতৃক অৱগত কৰিছিল এই কথা ৷ লগতে প্ৰেৰণ কৰিছিল পাকিস্তান চৰকাৰৰ আইনী জাননী ৷ সেই জাননীৰ প্ৰতিলিপি প্ৰেৰণ কৰা হৈছে পাকিস্তানস্থিত ভাৰতীয় দূতাবাসলৈয়ো(Indian embassy in Pakistan) ৷

পাকিস্তানৰ পৰা খবৰ লাভৰ পিছতে অসম আৰক্ষীৰ সহায় বিচাৰিছিল ৱাহিদাৰ মাতৃয়ে ৷ কিন্তু অসম আৰক্ষীৰ পৰা সহায় লাভ নকৰাত ৱাহিদাৰ মাতৃ কাষ চাপে দিল্লীৰ অধিবক্তা সন্তোষ সুমনৰ ৷ অধিবক্তা সন্তোষ সুমনৰ জড়িয়তে মহিলাগৰাকী কাষ চাপে ভাৰতৰ বৈদেশিক মন্ত্ৰণালয় আৰু ভাৰতস্থিত পাকিস্তানৰ দূতাবাসৰ(Pakistan embassy in India) ৷ কিন্তু কোনো এটা বিভাগৰ পৰাই সহাৰি লাভ নকৰাত অধিবক্তা সন্তোষ সুমন কাষ চাপিছে দিল্লী উচ্চ ন্যায়ালয়ৰ ৷ শুকুৰবাৰে অৰ্থাৎ কাইলৈ এই সন্দৰ্ভত দিল্লী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিব শুনানি(Delhi High Court) ৷

উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰা শুনানিৰ পিছতহে ৱাহিদা বেগমক কিদৰে ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব সেয়া জানিব পৰা হ’ব ৷ কিন্তু কিদৰে ৱাহিদা বেগম পাকিস্তান পালেগৈ সেয়া বৰ্তমানেও ৰহস্যৰ আৱৰ্তত ৷

লগতে পঢ়ক: Ministry of External Affairs: ভাৰত-পাকিস্তানৰ মাজত কাৰাবন্দী নাগৰিকৰ তালিকা বিনিময়

Last Updated : Jan 5, 2023, 9:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.