ETV Bharat / state

International Women's Day : শিল্প কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰ স্পৰ্শ কলিয়াবৰৰ ৰীণাৰ - Women's Day significance

দহজনী মহিলাৰ প্ৰেৰণাৰ উৎস কলিয়াবৰৰ ৰীণা কলিতা ৷ ৰীণাই দেখুৱাইছে স্বাৱলম্বিতাৰ এক সুন্দৰ নিদৰ্শন (Assam woman become self reliant with Artistic work at Kaliabor) ৷ নাৰী দিৱসৰ এই বিশেষ দিনটোত ইটিভি ভাৰত, অসমৰ পৰা ৰীণাৰ লগতে প্ৰতিগৰাকী যাচিলো নাৰীলৈ শুভেচ্ছা ৷

International Women's Day
শিল্প কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰ স্পৰ্শ কলিয়াবৰৰ ৰীণাৰ
author img

By

Published : Mar 8, 2022, 10:42 AM IST

কলিয়াবৰ, 8 মাৰ্চ : আজি আন্তৰাষ্ট্ৰীয় নাৰী দিৱস (International Women's Day) ৷ দেশ তথা ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে ভিন্ন কাৰ্যসূচীৰ মাজেৰে আয়োজন কৰা হৈছে নাৰী দিৱসৰ কাৰ্যসূচী ৷ নাৰী দিৱসৰ এই সময়চোৱাতে চৰ্চালৈ আহিছে এগৰাকী বিশেষ নাৰী ৷

যিগৰাকী নাৰী বৰ্তমান সকলোৰে প্ৰেৰণাৰ উৎস ৷ কিয়নো নাৰীগৰাকীৰ কৰ্মই এতিয়া প্ৰতিজন ব্যক্তিৰ মনত জগাই তুলিছে স্বাৱলম্বিতাৰ জয়গান ৷ প্ৰতিগৰাকী নাৰীৰ লগতে সকলোকে মৰ্যদা সহকাৰে আগুৱাই যাবলৈ যোগাইছে প্ৰেৰণাৰ উৎস (Women empowerment by Artistic work) ৷ নাৰী দিৱসৰ দিনাই চৰ্চালৈ অহা এই মহিলাগৰাকী হৈছে কলিয়াবৰৰ ৰীণা কলিতা ৷

শিল্প কৰ্মৰ জৰিয়তে সফলতাৰ শিখৰ স্পৰ্শ কলিয়াবৰৰ ৰীণাৰ

মহিলাগৰাকী তাঁতশালৰ শালৰ পৰা বাঁহ-বেতলৈকে বিভিন্ন হস্তনিৰ্মিত সামগ্ৰীৰে মন জয় কৰিবলৈ সক্ষম হৈছে বহুতৰে । গামোচা, চুৱেটাৰ, চিলাই, বিভিন্ন ঘৰুৱা সাজ-সজ্জাৰ সামগ্ৰী, পুতলা, চিমেণ্ট-প্লাষ্টাৰ আদিৰে ভিন্ন প্ৰতিকৃতি তৈয়াৰ কৰি আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে বহুতৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে (Women empowerment by Artistic work) ।

হস্তশিল্পৰ লগতে গৰু আৰু বতা চৰাই পালনেৰে গাখীৰ আৰু মাংস-কণীৰো ব্যৱসায় চলাই আহিছে মহিলাগৰাকীয়ে । অৱশ্যে কৰ'ণা কালত বতা চৰাইৰ ব্যৱসায়ত যতি পৰিল । তথাপিও থমকি ৰোৱা নাই মহিলাগৰাকী ৷ বৰ্তমান ৰীণাই আৰম্ভ কৰিছে কুকুৰা আৰু হাঁহ পালন ।

International Women's Day
নাৰী তুমি অনন্যা

এইবেলি কলিয়াবৰৰ সৰুভগীয়া গাঁৱৰ এইগৰাকী কৰ্মোদ্যমী মহিলাই ৰঙালী বিহুত মুখ্যমন্ত্ৰীক উপহাৰ দিবলৈ গামোচাত প্ৰতিকৃতি সাজু কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । সংসাৰৰ দায়িত্বৰ মাজতে ৰীণা কলিতাই চলাই তেওঁৰ এই শিল্প কৰ্মৰ যাত্ৰা ৷ নাৰী দিৱসৰ এই পৰিত্ৰ ক্ষণত ইটিভি ভাৰত, অসমৰ পৰা ৰীণা কলিতাক জনালো নাৰী দিৱসৰ শুভেচ্ছা ৷ তেওঁৰ এই শৈল্পিক যাত্ৰাই স্পৰ্শ কৰক শিখৰ ৷

লগতে পঢ়ক : ইটিভি ভাৰতৰ তৰফৰ পৰা নাৰী দিৱসৰ শুভকামনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.