চামগুৰি, 12 নৱেম্বৰ : শুকুৰবাৰে উত্তাল হ’ল চামগুৰিৰ আমলখিৰ ৰাজপথ ৷ ৰাজপথত ডাম্পাৰ তথা দ্ৰুতবেগী বাহনক নাকী লগাবলৈ আমলখিত অসম চাহ জনজাতি ছাত্ৰ সন্থাই ৰূপায়ণ কৰে বিক্ষোভ কাৰ্যসূচীৰ । অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে সহযোগ কৰা প্ৰতিবাদকাৰী সকলে প্ৰতিবাদস্থলীতেই আৱদ্ধ কৰে বহু সংখ্যক ডাম্পাৰ ।
অভিযোগ অনুসৰি, মাত্ৰাধিক শিল ভৰ্তি ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবেই দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বহু কেইটা পথ বিধস্ত হৈ পৰিছে ৷ যাৰ ফলত সংঘটিত হৈছে সৰু-বৰ বহুকেইটাও দুৰ্ঘটনা ৷ প্ৰতিবাদকাৰীসকলে অভিযোগ কৰা অনুসৰি, আমলখিৰ কেইবাটাও পথ কেইটাৰ মেৰামতিৰ বাবে ভ্ৰূক্ষেপ নাই প্ৰশাসন তথা সংশ্লিষ্ট বিভাগৰ ।
লগতে পঢ়ক : Video Viral: পাঁচ গৰাকী যুৱতীয়ে আলফা স্বাধীনত যোগ দিয়াৰ সন্দেহ
নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী কোৱাৰী-ক্ৰেছাৰ আৰু ডাম্পাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰা কাৰ্বি আংলং বন বিভাগৰ বিৰুদ্ধে ক্ষুভ উজাৰে প্ৰতিবাদী আটছাই । মন্ত্ৰী কেশৱ মহন্তৰ চৰম অনিহাৰ বিপৰীতে বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ক্ষুব্ধ প্ৰতিবাদকাৰী সকলে । অন্যথা অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদী আটছাৰ নেতৃত্বয়ে ।
লগতে পঢ়ক : Corruption : টীয়কত পথ নিৰ্মাণৰ নামত অপচয় হৈছে ৰাজকোষৰ ধন