ETV Bharat / state

চাহ শ্ৰমিকসকলৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য শিৱ ৱাদ্ৰাৰ

author img

By

Published : Aug 21, 2022, 1:48 PM IST

শনিবাৰে নগাওঁ জিলাৰ লুং চুং চাহ বাগানত উপস্থিত হয় অসম চাহ নিগম লিমিটেডৰ উপ-পৰিদৰ্শক বিতৰ্কিত শিৱ ৱাদ্ৰা ৷ অসম চাহ কৰ্মচাৰী সংঘৰ বিষয়-ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয় ৷ চাহ বাগিচাৰ দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত আলোচনাত মিলিত হয় দুয়ো পক্ষ (Shiv Vadra commented on tea labours) ৷

Shiv Vadra commented on tea labours
চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ শিৱ বদ্ৰাৰ

নগাঁও, 21 আগষ্ট: "এইটো চিষ্টেমৰ মাজেৰে গৈ থাকিলে চাহ শ্ৰমিকসকলৰ ভৱিষ্যত সুৰক্ষিত নহ’ব ৷ সেইকাৰণে যদি আমি ব্যক্তিগত খণ্ডসমূহক গতাই দিও তেতিয়া চাহ শ্ৰমিকসকল সুৰক্ষিত হ’ব ৷ 1972 চনৰ পৰা মাত্ৰা 52 বছৰহে চাহ বাগিচাসমূহৰ লাভ হৈছিল ৷ ইয়াৰে বেছি ভাগ সময়েই লোকচানতেই আছিলো আমি’’ ৷ এই মন্তব্য অসম চাহ নিগম লিমিটেডৰ উপ-পৰিদৰ্শক বিতৰ্কিত শিৱ ৱাদ্ৰাৰ ৷

তেওঁ লগতে কয়, ‘‘বাগানসমূহৰ ভিতৰত যথেষ্ট অনিয়ম হৈ আছে ৷ সেইবাবে বাগানসমূহ পৰিদৰ্শন কৰি মই বহুতো বাগানৰ কৰ্মচাৰীক শ্ৰমিকসকলৰ ধন নষ্ট কৰা দেখিছো ৷ মই নিজেও শ্ৰমিক আন্দোলন কৰা মানুহ হয় ৷ মই বহুবাৰ বাগানলৈ আহি শ্ৰমিকসকলৰ লগত কথা পাতো ৷ চাহ শ্ৰমিকসকলৰ ভৱিষ্যত সুৰক্ষাৰ বাবে চৰকাৰে নিশ্চিত কৰিছে ৷" নগাওঁ জিলাৰ লুং চুং চাহ বাগানত শনিবাৰে উপস্থিত হৈ অসম চাহ নিগম লিমিটেডৰ উপ পৰিদৰ্শক শিৱ ৱাদ্ৰাই এই মন্তব্য কৰে (Shiv Vadra commented on tea labours) ৷

চাহ বাগিচাসমূহৰ শ্ৰমিকসকলৰ সন্দৰ্ভত বিস্ফোৰক মন্তব্য প্ৰকাশ শিৱ ৱাদ্ৰাৰ

অসম চাহ কৰ্মচাৰী সংঘৰ বিষয় ববীয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ চাহ বাগিচাৰ দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত আলোচনা কৰে অসম চাহ নিগম লিমিটেডৰ উপ পৰিদৰ্শক গৰাকীয়ে (Assam Tea Corporation Limited Deputy Inspector Shiv Badra) ।

তেওঁ আৰু কয়, "মোৰ বিৰুদ্ধে কথা কোৱা মানুহকেইটাই মোৰ বিষয়ে নাজানে ৷ মোৰ ফেচবুকটো চাওক মই কিমান মেইনটেইন কৰো ৷ মই সঁচা কথা কলো কাৰণে ক্ষমা খুজিব লাগে যদি মই ৰাইজৰ ওচৰত ক্ষমা নোখোজো" ৷ ইফালে অসম চাহ কৰ্মচাৰী সংঘৰ বিষয়ববীয়া সকলে চাহ শ্ৰমিকৰ সকলোখিনি বকেয়া ধন আদায় দিবলৈ দাবী উত্থাপন কৰাৰ লগতে বকেয়া ধন আদায় নিদিয়া পৰ্যন্ত ব্যক্তিগত খণ্ডলৈ বাগিচা হস্তান্তৰ কৰা নহ’ব বুলি দৃঢ় মত ব্যক্ত কৰে (Assam tea estates handover to private sector) ৷ উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ত ইতিমধ্যে সকলো খিনি কাম সম্পূৰ্ণ হৈছে বুলিও জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: শোচনীয় অৱস্থাত অসমৰ চৰকাৰী শিক্ষা খণ্ড

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.