নগাঁও, 1 এপ্ৰিল : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে প্ৰত্যেকটো ৰাজনৈতিক দল ৷ সোমবাৰে নগাঁৱৰ ধিঙত কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপি-অগপ-বি পিএফ মিত্ৰজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মনিমাধৱ মহন্তৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিৰ্বাচনী সভাখনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে উপস্থিত থাকে অগপ নেতা কেশৱ মহন্ত আৰু বিধায়িকা আঙুৰলতা ডেকা ৷ সংখ্যালঘু অধ্যুষিত ধিং আৰু বটদ্ৰৱা সমষ্টিৰ সীমান্তত আয়োজিত এই বিশাল জনসভাত খনত কংগ্ৰেছক সমালোচনাৰে থকা-সৰকা মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ নিজ ভাষণ প্ৰসংগত, মুখ্যমন্ত্ৰীগৰাকীয়ে 55 বছৰীয়া শাসনকালত দেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ লোকক নিৰাপত্তা প্ৰদানত কংগ্ৰেছ দল ব্যৰ্থ হোৱা বুলিও মন্তব্য কৰে ৷ লগতে, কংগ্ৰেছে বিভাজনৰ ৰাজনীতি কৰে বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ আমোলত দেশৰ সংখ্যলঘু লোকক মৃত্যুৰ গৰাহলৈ ঠেলি দিয়া বুলিও কয় ৷
বিজেপি চৰকাৰৰ দিনত ৰাজ্যত পোন প্ৰথমবাৰৰ বাবে সংখ্যালঘু ছাত্ৰ- ছাত্ৰীৰ উন্নয়নৰ হকে ছোৱালী মহাবিদ্যালয় স্থাপন কৰাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সম উন্নয়নৰ আৰু সম বিকাশ শ্ল'গানৰে বিজেপি চৰকাৰৰ দিনত সংঘৰ্ষৰ বিপৰীতে সম্প্ৰীতি গঢ়ি তোলা হৈছে বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
ইপিনে সভাত উপস্থিত থাকি অগপ নেতা কেশৱ মহন্তই কয় যে, জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে সম উন্নয়নৰ দায়িত্ব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্ৰহণ কৰিছে ৷ এ আই ইউ ডি এফ( AIUDF) ক কংগ্ৰেছে প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি কলিয়াবৰত গগৈ ৰাজৰ অৱসান ঘটাই উন্নয়নৰ স্বাৰ্থত কলিয়াবৰ লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী মনি মাধৱ মহন্তক ভোট দিবলৈ আহ্বান জনাই অগপ নেতাগৰাকীয়ে ৷